আশিম দাসে, এটা ইনিংছত ৯টা উইকেট দখল কৰি অভিলেখ গঢ়িলে

নেহৰু ষ্টেডিয়ামত জে কে বৰুৱাৰ টাইত আজি অভিলেখ বহীত প্ৰৱেশ কৰিলে লখিমপুৰৰ আশিম দাসে
আশিম দাসে, এটা ইনিংছত ৯টা উইকেট দখল কৰি অভিলেখ গঢ়িলে

গুৱাহাটীঃ আজি নেহৰু ষ্টেডিয়ামত জে কে বৰুৱাৰ টাইত মহৎ প্ৰদৰ্শন কৰি লখিমপুৰৰ আশিম দাসে আজি অভিলেখ গঢ়িলে। এটা ইনিংছত ৯টা উইকেট দখল কৰি মাত্ৰ এটা ৰান দি বলাৰগৰাকীয়ে এই অভিলেখ লাভ কৰে। লখিমপুৰেও খেলখনত এক ইনিংছ আৰু ১৩৩ ৰানৰ বৃহৎ ব্যৱধানত জয়লাভ কৰে।

বেটিং নিৰ্বাচন কৰি উদালগুৰি প্ৰথম ইনিংছত ২৯টা বলত মাত্ৰ ৭ ৰানত বাণ্ডিল আউট হৈছিল। অশিমে ২.৫ অভাৰত বলিং কৰি ৯টা উইকেট দখল কৰে। পিছত লখিমপুৰে প্ৰথম ইনিংছত ২০০ ৰান সংগ্ৰহ কৰে। দ্বিতীয় ইনিংছতো সংগ্ৰাম কৰি উদালগুৰীয়ে ৬০ ৰান আউট কৰে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com