ইংলণ্ডৰ বিৰুদ্ধে জয়ৰ পাছতে পৰিয়ালক লৈ ৰেস্তোঁৰাত কোহলীৰ এসাঁজ

বিখ্যাত লৰ্ডছ ষ্টেডিয়ামত ভাৰত-ইংলণ্ডৰ শেহতীয়া খেলৰ পাছতে কোহলী-অনুষ্কাই কিছু সময় একেলগে পাৰ কৰে।
ইংলণ্ডৰ বিৰুদ্ধে জয়ৰ পাছতে পৰিয়ালক লৈ ৰেস্তোঁৰাত কোহলীৰ এসাঁজ

ইংলণ্ডৰ বিৰুদ্ধে ভাৰতৰ জয়ৰ পাছতে পৰিয়ালক লগত লৈ ৰেস্তোঁৰাত এসাঁজ খালে বিৰাট কোহলীয়ে ৷ অনুষ্কা শৰ্মা আৰু কোহলীক প্ৰত্যক্ষ কৰা হয় লণ্ডনৰ এখন ৰেস্তোৰাঁত। অভিনেত্ৰী অনুষ্কা শৰ্মাই কন্যা ভামিষ্কাক লৈ ক্ৰিকেটাৰ স্বামী কোহলীক উৎসাহ যোগাবলৈ লণ্ডন পায়গৈ ৷

বিখ্যাত লৰ্ডছ ষ্টেডিয়ামত ভাৰত-ইংলণ্ডৰ শেহতীয়া খেলৰ পাছতে কোহলী-অনুষ্কাই কিছু সময় একেলগে পাৰ কৰে। দুয়ো একেলগে লণ্ডনৰ এখন ৰেস্তোৰাঁত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে ৷ ইয়াৰ ফটো ইণ্টাৰনেটত প্ৰকাশ পাইছে। এই ফটোত দুয়োৱে দৈনন্দিন পৰিধান কৰা সাজ-পাৰ পৰিধান কৰি আছে ৷ তেওঁলোকৰ ফটোৱে অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰিছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com