খতৰো কে খিলাড়ী ১১: কোনে লাভ কৰে সৰ্বাধিক পাৰিশ্ৰমিক!

খতৰো কে খিলাড়ী ১১ত নিশ্চিতভাৱে এক কঠিন প্ৰতিযোগিতা দেখিবলৈ পাব ।
খতৰো কে খিলাড়ী ১১: কোনে লাভ কৰে সৰ্বাধিক পাৰিশ্ৰমিক!

শীঘ্ৰেই টেলিভিছনৰ পৰ্দাত উপভোগ কৰিব পাৰিব জনপ্ৰিয় ৰিয়েলিটি শ্ব' "খতৰো কে খিলাড়ী ১১" । অনুষ্কা সেন, বৰুণ সুদ, ৰাহুল বৈদ্যকে ধৰি বহুকেইখন চিনাকি মুখ দেখিবলৈ পাব ৰিয়েলিটী শ্বটোৰ এই ছীজনত। কিন্তু আপুনি অনুমান কৰিব পাৰিবনে তেওঁলোকৰ ভিতৰত অনুষ্ঠানটোৰ বাবে কাক সৰ্বাধিক পাৰিশ্ৰমিক দিয়া হৈছে ? আশ্চৰ্যজনক যে শ্বেতা তিৱাৰী বা দিব্যাঙ্কা ত্ৰিপাঠীয়ে সৰ্বাধিক পাৰিশ্ৰমিক লাভ কৰা নাই ৷

কিন্তু কোনে এই সৰ্বাধিক পাৰিশ্ৰমিক লাভ কৰে ? জানিবলৈ পঢ়ক সবিশেষ !এই ছীজনৰ প্ৰতিজন প্ৰতিযোগীয়ে তেওঁলোকৰ কেৰিয়াৰৰ অন্য এক মুহূৰ্ত উপভোগ কৰি আছে । প্ৰতিযোগী দিব্যাঙ্কা ত্ৰিপাঠী আৰু শ্বেতা তিৱাৰীয়ে কিমান জনপ্ৰিয়তা লাভ কৰিছিল সেয়া হয়তো অনুৰাগীসকলে কেতিয়াও পাহৰিব নোৱাৰে! অনুষ্কা সেনে মাত্ৰ ১৯ বছৰ বয়সতে অধিক উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ।

ইয়াৰ বিপৰীতে অভিনৱ শুক্লা, নিকি তাম্বোলিয়ে বিগ বছ ১৪ ৰ পৰা আৰু বেছি জনপ্ৰিয়তা লাভ কৰিছিল আনহাতে, খতৰো কে খিলাড়ী ১১ত নিশ্চিতভাৱে এক কঠিন প্ৰতিযোগিতা দেখিবলৈ পাব । কিন্তু আপুনি অনুমান কৰিব পাৰিবনে কোনে অনুষ্ঠানটোৰ অংশ হ'বলৈ আটাইতকৈ বেছি পৰিমাণৰ পাৰশ্ৰমিক আদায় কৰিছে? এয়া বিগ বছ ১৪-ৰ ৰানাৰ্ছ আপ ৰাহুল বৈদ্যৰ বাহিৰে আন কোনো নহয়।হয়, আপুনি ঠিকেই শুনিছে ! ৰাহুল বৈদ্যই প্ৰতিটো খণ্ডত ৭ লাখ টকা আদায় কৰিছে। তালিকাৰ দ্বিতীয় স্থানত আছে "য়ে হে মহব্বতে"ৰ অভিনেত্ৰী দিব্যাঙ্কা ত্ৰিপাঠী, দিব্যাঙ্কাই প্ৰতিটো খণ্ডত ৫ লাখকৈ টকা উপাৰ্জন কৰিছে।

ইয়াৰ উপৰি খতৰো কে খিলাড়ী ১১ ৰ আনকেইজন প্ৰতিযোগীয়ে প্ৰতিটো খণ্ডত কিমান উপাৰ্জন কৰিছে সেয়া  তলত দিয়া হৈছেঃ  :

শ্বেতা তিৱাৰী – ৪ লাখ

অভিনৱ শুক্লা – ৪.২৫ লাখ

নিকি তাম্বোলি – ৪.৪৩ লাখ

বৰুণ চুদ – ৩.৮৩ লাখ

বিশাল আদিত্য সিং – ৩.৩৪ লাখ

ছানা মাকবুল – ২.৪৫ লাখ

সৌৰভ ৰাজ জৈন – ২ লাখ

আস্থা গিল – ১.৮৫ লাখ

মেহেক চাহাল – ১.৫ লাখ

এই অভিনেতা সকলে মহামাৰীৰ মাজতো বৃহৎ পৰিমাণে উপাৰ্জন কৰি আছে। তেওঁলোক সঁচাকৈ ভাগ্যৱান!

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com