ৰাম ৰহিম সিঙৰ চৰিত্ৰত অভিনয় কৰি কাৰাগাৰলৈ গৈছিল অভিনেতা কিকু শাৰদা !

অভিনেতাজনৰ বিৰুদ্ধে এক ধৰ্মীয় বিশ্বাসক অপমান কৰাৰ অভিযোগত ভাৰতীয় দণ্ড বিধিৰ ২৯৫ এ ধাৰাৰ অধীনত গোচৰ ৰুজু হৈছিল ।
ৰাম ৰহিম সিঙৰ চৰিত্ৰত অভিনয় কৰি কাৰাগাৰলৈ গৈছিল অভিনেতা কিকু শাৰদা !

বলিউদৰ জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীসকলে কেতিয়াবা এনে কিছুমান সমস্যাৰো সন্মুখীন হয়, য'ত বহুসময়ত তেওঁলোকে অজ্ঞাতে হোৱা ভুলৰ বাবে বা ধৰ্ম বা ৰাজনীতিৰ সৈতে সম্পৰ্কিত বিষয়ত ধেমালি কৰাৰ বাবে জৰিমনাও ভৰিব লগা হয় । টেলিভিছন পৰ্দাৰ জনপ্ৰিয় দ্য কপিল শৰ্মা শ্ব'ৰ অন্য এজন সুপৰিচিত কৌতুক অভিনেতা কিকু শাৰদাও এসময়ত ধৰ্মীয় বিশ্বাসক আঘাত আঘাত সনাৰ বাবে সমস্যাত পৰিছিল । কম সময়ৰ বাবে হ'লেও তেওঁ কাৰাবাস খাটিবলগীয়া হৈছিল। উল্লেখ্য ছবছৰ পূৰ্বে ২০১৫ চনত কৌতুক অভিনেতাজনৰ বিৰুদ্ধে এক ধৰ্মীয় বিশ্বাসক অপমান কৰাৰ অভিযোগত ভাৰতীয় দণ্ড বিধিৰ ২৯৫ এ ধাৰাৰ অধীনত গোচৰ ৰুজু হৈছিল । আনকি কৌতুক অভিনেতাজনক হাৰিয়ানা আৰক্ষীয়ে গ্ৰেপ্তাৰো কৰিছিল।

কৌতুক অভিনেতা কিকু শাৰদাই ডেৰা চাচা সৌদাৰ মুৰব্বী ড০ গুৰমীট ৰাম ৰহিম সিঙক লৈ এটা কৌতুক অভিনয় কৰিছিল । এই সন্দৰ্ভত কৌতুক অভিনেতাজনক ২০১৬ চনৰ জানুৱাৰীত গ্ৰেপ্তাৰ কৰা হৈছিল, কিন্তু এদিন পিছত তেওঁক জামিনত মুক্তি দিয়া হয় । জামিন লাভৰ পিছতে অভিনেতাজনে সেই ভুলৰ বাবে টুইটাৰযোগে ক্ষমা বিচাৰিছিল । উল্লেখ্য যে গুৰমীত ৰাম ৰহিম সিঙে এটা গোচৰত কাৰাবাস খাটি আছে।

কিকু শাৰদাক গ্ৰেপ্তাৰ কৰাৰ ঘটনাক সমগ্র ছবি উদ্যোগে গৰিহণা দিছিল । ইয়াৰ বিপৰীতে বহু ৰাজনৈতিক নেতাই তেওঁক সমৰ্থন কৰাৰ পৰা আঁতৰিও আছিল । আম আদমী পাৰ্টীয়ে তেওঁৰ সমৰ্থন কৰি গ্ৰেপ্তাৰ কৰাৰ বাবে হাৰিয়ানা চৰকাৰক সমালোচনা কৰিছিল।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com