চলচ্চিত্ৰপ্ৰেমীসকলৰ বাবে সুখবৰ! আহি আছে নতুন অসমীয়া চলচ্চিত্ৰ'গংগা - এখনি বোৱতী হিয়া'

দাক্ষিণাত্যৰ ছবিসমূহৰ লগতে অসমীয়া ছবিও উপভোগ কৰি অসমীয়া চলচ্চিত্ৰ জগতখনক আগুৱাই নিবলৈ সকলোকে আহ্বান জনায় প্ৰস্তুতি পৰাশৰে৷
চলচ্চিত্ৰপ্ৰেমীসকলৰ বাবে সুখবৰ! আহি আছে নতুন অসমীয়া চলচ্চিত্ৰ'গংগা - এখনি বোৱতী হিয়া'

অসমীয়া চলচ্চিত্ৰ জগতত দুৰ্যোগ চলি থকাৰ মাজতে আহি আছে এটাৰ পিছত আনটো ভাল খবৰ৷ এইবাৰ ছবিগৃহত মুক্তিলাভ কৰিব পৰিয়ালৰ সকলোৰে উপভোগ্য এখনি পূৰ্ণদৈৰ্ঘৰ ছবি 'গংগা - এখনি বোৱতী হিয়া'৷

জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ, অভিনেতা অৰূপ বৈশ্য আদি কেইবাগৰাকী ন-পূৰণি অভিনেতা–অভিনেত্ৰীৰ বলিষ্ঠ অভিনয়েৰে অহা ৬ মে'ত অসমৰ ছবিগৃহসমূহত মুক্তিলাভ কৰিব ছবিখনে৷

ছবিখনৰ প্ৰমোচনৰ বাবে শুকুৰবাৰে জাগীৰোড মহাবিদ্যালয়ত উপস্থিত হয় প্ৰস্তুতি পৰাশৰ, নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্য, সংগীত পৰিচালক অজয় ফুকনকে আদি কৰি ছবিখনৰ কলাকুশলীসকল৷ দাক্ষিণাত্যৰ ছবিসমূহৰ লগতে অসমীয়া ছবিও উপভোগ কৰি অসমীয়া চলচ্চিত্ৰ জগতখনক আগুৱাই নিবলৈ সকলোকে আহ্বান জনায় প্ৰস্তুতি পৰাশৰে৷

আনহাতে, মৰি যোৱা অসমীয়া চিনেমা উদ্যোগটো জুবিন গাৰ্গে বহু কষ্ট কৰি পুনৰ জীয়াই তুলিছে, আৰু সেইবাবেই আবেগৰ বশৱৰ্তী হৈ দাক্ষিণাত্যৰ চিনেমা সন্দৰ্ভত মন্তব্য কৰা বুলি কয় অজয় ফুকনে৷

উল্লেখ্য যে, জুবিন গাৰ্গ, দীক্ষু, ভৃগু কাশ্যপ, ৰাকেশ, আচুৰ্য বৰপাত্ৰগোহাঁই আদি কণ্ঠশিল্পীয়ে কেইবাটাও গীতত কণ্ঠদান কৰাৰ লগতে অভিনয়ো কৰিছে মুক্তিলাভ কৰিবলগীয়া 'গংগা - এখনি বোৱতী হিয়া' নামৰ ছবিখনত৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com