ৰিয়া কাপুৰ- কৰণ বুলানিৰ যুগ্মজীৱন আৰম্ভ শ্বেয়াৰ

এক দশকৰ প্ৰেমৰ অন্তত ৰিয়া কাপুৰ আৰু কৰণ বুলানীয়ে যুগ্মজীৱনৰ পাতনি মেলিলে
ৰিয়া কাপুৰ- কৰণ বুলানিৰ যুগ্মজীৱন আৰম্ভ শ্বেয়াৰ

এক দশকৰ প্ৰেমৰ অন্তত ৰিয়া কাপুৰ আৰু কৰণ বুলানীয়ে যুগ্মজীৱনৰ পাতনি মেলিলে ৷ ১৪ আগষ্টত দুয়োৰে অনুষ্টুপীয়া আয়োজনেৰে বিয়া সম্পন্ন হয় ৷ অনিল কাপুৰৰ জুহুস্থিত বিলাসী বঙলাত দুয়োৰে বিবাহ অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানটো আৰম্ভ হোৱাৰ একেবাৰে প্ৰাকক্ষণতহে ৰিয়া-কৰণৰ বিবাহৰ কথা বিয়পি পৰে।

দম্পতীহালে প্ৰায় এক দশক ধৰি ডেটিং কৰি আছিল । ৰিয়া আৰু কৰণৰ বিয়াত তেওঁলোকৰ ঘনিষ্ঠ বান্ধৱী মাচাবা গুপ্তাই দৰা-কইনাৰ ফটো কেমেৰাত বন্দী কৰে ৷ আনহাতে, ৰিয়াই কৰণৰ সৈতে বিয়াৰ দিনা তোলা ফটো ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com