ল'ক-ডাউনত অধিক শিথিলতা ঘোষণা ৰাজ্য চৰকাৰৰ

তেওঁ কয় যে ঘৰৰ পৰা বাহিৰলৈ ওলালে সকলোৱে মাস্ক পৰিধান কৰিব লাগিব আৰু সামাজিক দূৰত্ব মানি চলিব লাগিব ৷
ল'ক-ডাউনত অধিক শিথিলতা ঘোষণা ৰাজ্য চৰকাৰৰ

ক'ৰ'না মহামাৰী প্ৰতিৰোধৰ উদ্দেশ্যে ঘোষিত তলাবন্ধ বা ল'ক-ডাউনৰ ক্ষেত্ৰত আৰু শিথিলতা ঘোষণা কৰিছে ৰাজ্য চৰকাৰে ৷ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই কিছু সময় পূৰ্বে এটা টুইটযোগে কয় যে সপ্তাহান্তৰ ল'কডাউন শিথিল কৰা হৈছে ৷ ফলত শনি আৰু দেওবাৰেও দোকান-পোহাৰ খোলা থাকিব৷

অৱশ্যে ল'ক-ডাউন শিথিল হ'লেও ক'ৰ'না প্ৰতিৰোধৰ নীতি সকলোৱে মানি চলিব লাগিব বুলি মুখ্য সচিব সঞ্জয় কৃষ্ণই স্পষ্ট কৰি দিছে ৷ তেওঁ কয় যে ঘৰৰ পৰা বাহিৰলৈ ওলালে সকলোৱে মাস্ক পৰিধান কৰিব লাগিব আৰু সামাজিক দূৰত্ব মানি চলিব লাগিব ৷ এনেদৰে কৰনাৰ সংক্ৰমণ বৃদ্ধি পাই থকাৰ সময়তে ৰাজ্য চৰকাৰে পুনৰ লক-ডাউনৰ ক্ষেত্ৰত শিথিলতা ঘোষণা কৰিছে। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com