অভিনেতা আমিৰ খানৰ ব্যক্তিগত দেহৰক্ষীৰ দৰমহা কিমান জানেনে?

অভিনেতা আমিৰ খানৰ ব্যক্তিগত দেহৰক্ষীৰ দৰমহা কিমান জানেনে? দেহৰক্ষী যুৱৰাজ ঘৰপদেৰ বছৰেকীয়া দৰমহাৰ স্তৰে আপোনাৰ চকু কপালত উঠাব।
অভিনেতা আমিৰ খানৰ ব্যক্তিগত দেহৰক্ষীৰ দৰমহা কিমান জানেনে?

ছুপাৰষ্টাৰ আমিৰ খানৰ অনুৰাগীসকলৰ সংখ্যা অনুমান কৰাটো এক অস্বাভাবিক কথা। তেওঁৰ ছবি সমূহে ৰূপালী পৰ্দাত শুভ মুক্তি লাভ কৰাৰ লগে লগেই বিভিন্ন অনুৰাগীয়ে মৰম আৰু ভালপোৱাৰে উপচাই তোলে অভিনেতা গৰাকীক। নিজৰ দেশতেই হওঁক বা বিদেশত, মুকলিমুৰিয়াকৈ বাহিৰলৈ উলালেই অভিনেতা গৰাকীৰ এটি দৰ্শন আৰু একপি ফটোৰ আশাত অনুৰাগী সকলে তেওঁক আগুৰি ধৰা দেখিবলৈ পোৱা যায়। তেনেস্থলত তেওঁক এগৰাকী দেহৰক্ষীৰ অতিকৈ প্ৰয়োজন। এজন বিশিষ্ট অভিনেতা তথা খ্যাতি প্ৰাপ্ত ব্যক্তি হোৱাৰ হেতুকে তেওঁৰ লগত সকলো সময়তে দেখিবলৈ পোৱা যায় তেওঁ ব্যক্তিগত দেহৰক্ষী, যুৱৰাজ ঘৰপদেক।

ছবিৰ প্ৰমোচন হওঁক বা কোনো ৰাজহুৱা মেল, সকলোতে যুৱৰাজে অভিনেতা গৰাকীক মানুহৰ সমাগমৰ পৰা বিৰত ৰাখে। আমিৰ খানৰ দৰে এগৰাকী খ্যাত অভিনেতাক তেওঁৰ লক্ষ্য লক্ষ্য অনুৰাগীৰ পৰা বচাই ৰখাটো এটা অতিকৈ কঠিন কাম, আৰু সেই অনুসৰি তেওঁৰ প্ৰাপ্তিও যথেষ্ট উচ্চ। শেহতীয়াকৈ "টাইমছ্ নাউ" নামৰ নিউজ চেনেলত প্ৰকাশ পোৱা ব্যক্তিগত দেহৰক্ষী, যুৱৰাজ ঘৰপদেৰ বছৰেকীয়া দৰমহাৰ স্তৰে আপোনাৰ চকু কপালত উঠিব। ৰিপৰ্ট অনুসৰি দেহৰক্ষীগৰাকীয়ে বছৰি প্ৰায় দুই কোটি টকাৰ দৰমহা লাভ কৰে, যাৰ অনুসাৰে মাহিলী প্ৰাই ১৬লাখ টকা। জানিব পৰা মতে ১৬বছৰ বয়সতে স্কুল ত্যাগ কৰিছিল যুৱৰাজ ঘৰপদেই, আৰু তাৰ পাছত দেহৰক্ষীবাহিনী যোগ কৰাৰ আগেয়ে বিভিন্ন ধৰণৰ কামত কৰ্মৰত আছিল।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com