ক'ৰ'নাত অসম আৰক্ষীৰ আৰু এজনৰ মৃত্যু

উল্লেখ্য যে এই পৰ্যন্ত অসম আৰক্ষীৰ পাঁচজন লোকৰ ক’ৰ’নাত মৃত্যু হৈছে।
ক'ৰ'নাত অসম আৰক্ষীৰ আৰু এজনৰ মৃত্যু

ক'ৰ'না মহামাৰীয়ে প্ৰাণ ল'লে অসম আৰক্ষীৰ আৰু এজন লোকৰ। প্ৰাপ্ত তথ্য অনুসৰি নগাঁৱত নিয়োজিত লক্ষেশ্বৰ হাজৰিকা নামৰ এজন আৰক্ষী কনিষ্টবলে ক'ৰ'না মহামাৰীত মৃত্যক সাৱটি লৈছে। মৃত্যুৰ সময়ত হাজৰিকাৰ বয়স হৈছিল ৫৫ বছৰ। শুকুৰবাৰে তেওঁৰ গুৱাহাটী মেডিকেল কলেজ হাস্পতালত মৃত্যু হয়। এই কথা সদৰী কৰি নগাঁও আৰক্ষীয়ে এটা টুইট কৰিছে।

অসম আৰক্ষী পৰিয়ালবৰ্গই হাজৰিকাৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছে। উল্লেখ্য যে এই পৰ্যন্ত অসম আৰক্ষীৰ পাঁচজন লোকৰ ক'ৰ'নাত মৃত্যু হৈছে।   

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com