পত্নীসহ ক'ৰ'নাত আক্ৰান্ত হ'ল সংগীত শিল্পী মানস ৰবীন

ফে’চবুক প’ষ্টৰ জৰিয়তে তেওঁ এইকেইদিন তেওঁলোকৰ সংস্পৰ্শলৈ অহা লোকক নমুনা পৰীক্ষা কৰাবলৈ আৰু সতৰ্ক হ’বলৈ আহ্বান জনাইছে ৷
পত্নীসহ ক'ৰ'নাত আক্ৰান্ত হ'ল সংগীত শিল্পী মানস ৰবীন

পত্নীসহ ক'ৰ'না ভাইৰাছ সৃষ্ট মহামাৰীত আক্ৰান্ত হৈছে জনপ্ৰিয় সংগীত শিল্পী মানস ৰবীন ৷ ক'ৰ'না পজিটিভ হোৱাৰ কথা এটা ফে'চবুক প'ষ্টযোগে শিল্পীজন নিজেই প্ৰকাশ কৰিছে ৷ একেটা ফে'চবুক প'ষ্টৰ জৰিয়তে তেওঁ এইকেইদিন তেওঁলোকৰ সংস্পৰ্শলৈ অহা লোকক নমুনা পৰীক্ষা কৰাবলৈ আৰু সতৰ্ক হ'বলৈ আহ্বান জনাইছে ৷ দ্যা ছেণ্টিনেলৰ পৰা যোগাযোগৰ চেষ্টা কৰা হয় যদিও সেয়া সম্ভৱ নহ'ল ৷

ইপিনে, অসমকে ধৰি দেশত ক'ৰ'না আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আছে ৷ ইতিমধ্যে ভাৰতে ক'ৰ'না আক্ৰান্তৰ ক্ষেত্ৰত ব্ৰাজিলক পিছপেলাই বিশ্বৰ ভিতৰত দ্বিতীয় স্থান দখল কৰিছে ৷ প্ৰথম স্থানত আছে আমেৰিকা যুক্তৰাষ্ট্ৰ। অসমতো ক'ৰ'না আক্ৰান্ত আৰু এই মহামাৰীত মৃতৰ সংখ্যা উদ্বেগজনক হাৰত বৃদ্ধি পাই আছে ৷ যোৱা নিশা ৰাজ্যত মুঠ ক'ৰ'না আক্ৰান্তৰ সংখ্যা এক লাখ ২৫হেজাৰৰো অধিক হৈছে ৷ কালিৰ দিনটোত ১০জন ক'ৰ'না আক্ৰান্ত মৃত্যুমুখত পৰে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com