গোৱালপাৰাত বানত ডুবি এজনৰ মৃত্যুঃ চৌদিশে হাহাকাৰ

সাম্প্ৰতিক বানত ৰাজ্যত দুই লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে।
গোৱালপাৰাত বানত ডুবি এজনৰ মৃত্যুঃ চৌদিশে হাহাকাৰ

গোৱালপাৰাত বানত ডুবি এজনৰ মৃত্যুঃ চৌদিশে হাহাকাৰ

ক্ৰমে ৰাজ্যৰ বান পৰিস্থিতি অধিক জটিল হৈ আছে। ব্ৰহ্মপুত্ৰৰ কেইবাখনো উপনৈয়ে কমেও সাতখন জিলাত বানৰ সৃষ্টি কৰিছে। এনে অৱস্থাতে আজি বানাক্ৰান্ত গোৱালপাৰা জিলাত বাঢ়নী পানীত ডুবি এজন লোকৰ মৃত্যু হয়। এই লোকজনেই হৈছে সাম্প্ৰতিক বানত ডুবি মৃত্যু হোৱা ৰাজ্যৰ প্ৰথমজন লোক। ইপিনে, যিকোনো মূহূৰ্ততে বিপৰ্যয় নামি আহিব পাৰে গুৱাহাটী মহানগৰীলৈ। বিগত কিছুদিন ধৰি হৈ থকা নেৰেনেপেৰা বৰষুণৰ ফলত ফেনেফুটুকাৰে বাঢ়িছে বক্ষ্মপুত্ৰৰ জলস্তৰ ৷ ৰাজ্যত ক'ৰ'না মহামাৰীৰ ভয়াবহ প্ৰাদুৰ্ভাবৰ মাজতে ক্ৰমে জটিল হোৱাৰ দিশে অগ্ৰসৰ হৈছে পৰিস্থিতি। চৰকাৰী তথ্য অনুসৰি প্ৰতি ঘণ্টাত 7 , 8 চেণ্টিমিটাৰকৈ বাঢ়িছে ব্ৰহ্মপুত্ৰৰ পানী ৷ উল্লেখ্য যে গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ বিপদসীমা ৪৬.৬৮০ মিটাৰ ৷ আৰু ১৭৩ চেণ্টিমিটাৰ অতিক্ৰম কৰিলেই গুৱাহাটীত ব্ৰহ্মপুত্ৰই বিপদসীমা অতিক্ৰম কৰিব ৷ এই কথা সদৰী কৰি কেন্দ্ৰীয় জল আয়োগৰ শৰত চন্দ্ৰ কলিতাই কয় যে যোৱা ১৬ মে'ৰ পৰা বৃদ্ধি পাইছে বক্ষ্মপুত্ৰ জলস্তৰ ৷ এই গতিত বৃদ্ধি পাই থাকিলে গুৱাহাটী মহানগৰীলৈ যিকোনো মূহূৰ্ততে নামি আহিব পাৰে বিপৰ্যয়। আনহাতে, বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ আগলি বতৰা অনুসৰি কাইলৈও অসমত প্ৰচুৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ফলত ৰাজ্যৰ বান পৰিস্থিতিৰ অধিক অৱনতি ঘটাৰ আশংকা আছে।  সাম্প্ৰতিক বানত ৰাজ্যত দুই লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com