প্ৰজ্ঞান ভাৰতীঃ ৰাজ্যৰ প্ৰায় ৬৮ ছাত্ৰ-ছাত্ৰীক এহেজাৰ টকাকৈ প্ৰদান

শিক্ষা বিভাগে প্ৰজ্ঞান ভাৰতী আঁচনিৰ জৰিয়তে চলিত বৰ্ষত দুই লক্ষ ছাত্ৰ-ছাত্ৰীক লাভান্বিত কৰাৰ লক্ষ্য লৈছে।
প্ৰজ্ঞান ভাৰতীঃ ৰাজ্যৰ প্ৰায় ৬৮ ছাত্ৰ-ছাত্ৰীক এহেজাৰ টকাকৈ প্ৰদান

প্ৰজ্ঞান ভাৰতী শীৰ্ষক আঁচনিৰ অধীনত অসম চৰকাৰে ৰাজ্যৰ স্নাতক মহলাত অধ্যয়নৰত প্ৰায় ৬৮ হেজাৰ ছাত্ৰীক প্ৰত্যেককে এহেজাৰ টকাকৈ প্ৰদান কৰিছে। ইয়াৰ উদ্ধেশ্যে হৈছে ছাত্ৰ-ছাত্ৰীসকলক গ্ৰন্থ ক্ৰয়ত সহায় কৰা। এই উদ্দেশ্যে শিক্ষা বিভাগে স্নাতক মহলাৰ ৬৭,৫৩১ গৰাকী ছাত্ৰ-ছাত্ৰীলৈ এহেজাৰ টকাকৈ মুকলি কৰি দিছে। শিক্ষা বিভাগে প্ৰজ্ঞান ভাৰতী আঁচনিৰ জৰিয়তে চলিত বৰ্ষত দুই লক্ষ ছাত্ৰ-ছাত্ৰীক লাভান্বিত কৰাৰ লক্ষ্য লৈছে। বুধবাৰে এই কথা ঘোষণা কৰি শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা টুইটত কয়, " অসমৰ ২০২০ৰ বাজেটত ঘোষণা কৰা অনুসৰি আমি গ্ৰন্থ ক্ৰয়ৰ বাবে স্নাতক মহলাৰ ৬৭,৫৩১ ছাত্ৰ-ছাত্ৰীৰ বেংক একাউণ্টত এহেজাৰ টকাকৈ ভৰাই দিছো। এই পদক্ষেপ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত লোৱা হৈছে। এই বৰ্ষত আমি দুই লক্ষ ছাত্ৰ-ছাত্ৰীক এই আঁচনিত সামৰি লম। অসমত মাধ্যমিক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া পাঠ্যপুথি যোগান ধৰিছো"।

উল্লেখ্য যে ক'ৱিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰৰ অধীনৰ সকলো মহাবিদ্যালয়-বিশ্ববিদ্যালয়ত এইবাৰ ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি বিনামুলীয়া কৰিছে চৰকাৰে। যোৱা মাহত এখন সংবাদমেলত শিক্ষামন্ত্ৰী শৰ্মাই এই কথা ঘোষণা কৰে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com