মণিপুৰত বিদ্ৰোহীৰে সংঘৰ্ষঃ ছহিদ হ'ল আছাম ৰাইফলছৰ তিনি জোৱান

উগ্ৰপন্থীয়ে অভিযানকাৰী দলক লক্ষ্য কৰি এটা আই ই ডি বিস্ফোৰণ ঘটোৱাৰ লগতে আছাম ৰাইফলছৰ দললৈ লক্ষ্য কৰি গুলিবৰ্ষণ কৰে।
মণিপুৰত বিদ্ৰোহীৰে সংঘৰ্ষঃ ছহিদ হ'ল আছাম ৰাইফলছৰ তিনি জোৱান

মণিপুৰত বিদ্ৰোহীৰে এক সংঘৰ্ষত ছহিদ বৰণ কৰিলে আছাম ৰাইফলছৰ কমেও তিনিজন জোৱানে। সংঘৰ্ষটোত বাহিনীটোৰ আন চাৰিজন আহত হয়। প্ৰাপ্ত তথ্য অনুসৰি মণিপুৰৰ চাণ্ডেল জিলাৰ ম্যানমাৰ সীমান্তত নিষিদ্ধ ঘোষিত পিপলছ লিবাৰেচন আৰ্মী(পি এল এ)ৰ এটা দলৰ সৈতে আছাম ৰাইফলছৰ এটা তুমুল সংঘৰ্ষ হয়। উগ্ৰপন্থীয়ে অভিযানকাৰী দলক লক্ষ্য কৰি এটা আই ই ডি বিস্ফোৰণ ঘটোৱাৰ লগতে আছাম ৰাইফলছৰ দললৈ লক্ষ্য কৰি ধাৰাসাৰে গুলিবৰ্ষণ কৰে।

পাছত সংঘৰ্ষস্থলীত ভাৰতীয় সেনাৰ দল উপস্থিত হয়। সংঘৰ্ষৰ স্থান ৰাজ্যখনৰ ৰাজধানী ইম্ফলৰ পৰা ১০০ কিলোমিটাৰ দূৰৈত অৱস্থিত। উল্লেখ্য যে বিদ্ৰোহী এন বিশ্বেশ্বৰ সিঙে ১৯৭৮ৰ ২৫ ছেপ্টেম্বৰত পিপলছ লিবাৰেচন আৰ্মী নামৰ এই উগ্ৰপন্থী সংগঠনটো প্ৰতিষ্ঠা কৰে। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com