প্ৰশ্নকাকত ফাদিল কেলেংকাৰিঃ পি কে দত্তৰ তিনিখন হোটেল ছীল

উল্লেখ্য যে এই কেলেংকাৰিক লৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷
প্ৰশ্নকাকত ফাদিল কেলেংকাৰিঃ পি কে দত্তৰ তিনিখন হোটেল ছীল

অসম আৰক্ষীৰ শেহতীয়া উপ-পৰিদৰ্শক নিযুক্তিৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কেলেংকাৰিৰ খলনায়ক পি কে দত্তৰ গুৱাহাটীস্থিত তিনিখন অভিজাত হোটেল তদন্তকাৰীয়ে ছীল  কৰিছে ৷ উৎকোচ বিনিময়ত একাংশক আৰক্ষীৰ এই গুৰুত্বপূৰ্ণ পদত নিযুক্তি দিবলৈ দত্তবাহিনীয়ে ষড়যন্ত্ৰ ৰচনা কৰিছিল ৷ অৱসৰপ্ৰাপ্ত আৰক্ষী উপ-মহাপৰিদৰ্শক(ডি আই জি) দত্তই সম্প্ৰতি আত্মগোপন কৰি আছে ৷ কেলেংকাৰিটোৰ তদন্তকাৰীয়ে দত্তৰ এই হোটেল তিনিখন দেওবাৰে ছীল কৰে ৷

কেলেংকাৰিৰ সাক্ষ্যপ্ৰমাণ যাতে অভিযুক্তই নষ্ট বা বিকৃত কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি তদন্তকাৰীয়ে হোটেলকেইখনত তালাচী চলোৱাৰ উপৰি তিনিওখন হোটেল ছীল কৰে ৷ এই বিয়াগোম কেলেংকাৰিত জড়িত থকাৰ তথ্য পোহৰলৈ অহাৰ পাছতে দত্তই আত্মগোপন কৰে ৷ যোৱা বুধবাৰৰ পৰা তেওঁ আত্মগোপন কৰি আছে ৷

অসম আৰক্ষীৰ চি আই ডি আৰু অপৰাধ শাখাই এই কেলেংকাৰিৰ তদন্ত কৰি আছে ৷ এই সম্পৰ্কত এক সূত্ৰই জনোৱা মতে, দত্তৰ হোটেলকেইখনত অবৈধ পৰীক্ষা অনুষ্ঠিত হৈছিল ৷ উল্লেখ্য যে এই কেলেংকাৰিক লৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ ভুক্তভোগীক তেওঁ ন্যায় প্ৰদানৰ প্ৰতিশ্ৰুতি দিছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com