ক'ৰ'নাত আক্ৰান্ত অসম আৰক্ষীৰ আৰু চাৰিজন বিষয়া-কৰ্মচাৰী

অসম আৰক্ষীৰ ৪৪জন লোক ক’ৰ’না মহামাৰীত আক্ৰান্ত হৈছে
ক'ৰ'নাত আক্ৰান্ত অসম আৰক্ষীৰ আৰু চাৰিজন বিষয়া-কৰ্মচাৰী

ক'ৱিড-১৯মহামাৰীত আক্ৰান্ত হ'ল অসম আৰক্ষীৰ আৰু চাৰিজন লোক ৷ প্ৰাপ্ত তথ্য অনুসৰি এই চাৰিজন আৰক্ষীৰ এজন সহকাৰী উপ-পৰিদৰ্শক(এ এছ আই)৷ সম্প্ৰতি তেওঁ মহানগৰীৰ পল্টনবজাৰ আৰক্ষী থানাত কৰ্মৰত ৷ আন এজন হ'ল মহানগৰীৰে বীৰুবাৰী আৰক্ষী চকীত কৰ্মৰত উপ-পৰিদৰ্শক ৷ আন দুজনৰ এজন ৰক্ষী আৰু আনজন গাড়ীচালক ৷ ইপিনে, কালি অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান(আইন-শৃংখলা) জি পি সিঙে প্ৰকাশ কৰা অনুসৰি অসম আৰক্ষীৰ ৪৪জন লোক ক'ৰ'না মহামাৰীত আক্ৰান্ত হৈছে । মুঠতে অসমত এই পৰ্যন্ত ৭, ৪৯২জন লোক ক'ৱিড-১৯মহামাৰীত আক্ৰান্ত হৈছে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com