অসমত ক'ৰ'নাত মৃতৰ সংখ্যা ১৫জনলৈ বৃদ্ধিঃ নগাঁৱৰ এজনৰ মৃত্যু

তেওঁ জৰুৰীকালীন কক্ষ (আই চি ইউ)ত চিকিত্সাধীন হৈ আছিল।
অসমত ক'ৰ'নাত মৃতৰ সংখ্যা ১৫জনলৈ বৃদ্ধিঃ নগাঁৱৰ  এজনৰ মৃত্যু

অসমত ক'ৰ'না মহামাৰীত মৃতৰ সংখ্যা ১৫জনলৈ বৃদ্ধি পাইছে। আজি বুধবাৰে এই মহামাৰীত নগাঁৱত এজন ব্যক্তিৰ মৃত্যু হয়। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি মঙলবাৰে পুৱা ক'ৰ'না মহামাৰীত নগাঁৱত এজন ৪০ বছৰীয়া ব্যক্তিৰ মৃত্যু হয়। এই কথা সদৰী কৰি এটা টুইটত স্বাস্থ্য মন্ত্ৰী শৰ্মাই কয়, " অতি দুঃখেৰে জনাবলগীয়া হৈছে যে নগাঁৱৰ কলিয়াবৰৰ এজন ক'ৱিড-১৯ আক্ৰান্ত ব্যক্তি ধদৰাম মুৰা(৪০)ৰ আজি পুৱা ৯ বজাত মৃত্যু হয়। তেওঁক যোৱা ১ জুলাইত গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰা হৈছিল। তেওঁ জৰুৰীকালীন কক্ষ (আই চি ইউত চিকিত্সাধীন হৈ আছিল"। ইপিনে, ৰাজ্যত ক'ৰ'না মহামাৰীত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আছে। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com