ক'ৱিড আক্ৰান্তই কৰিলে লেনদেনঃ এলাহাবাদ বেংকৰ মাছখোৱা শাখাত নিষেধাজ্ঞা

অসম কৱিড-১৯নিয়ন্ত্ৰণ বিধি, ২০২০ৰ আধাৰত প্ৰশাসনে এনে ব্যৱস্থা গ্ৰহণ কৰিছে ৷
ক'ৱিড আক্ৰান্তই কৰিলে লেনদেনঃ এলাহাবাদ বেংকৰ মাছখোৱা শাখাত নিষেধাজ্ঞা

ক'ৱিড-১৯আক্ৰান্তই কৰিলে লেনদেনঃ এলাহাবাদ বেংকৰ মাছখোৱা শাখাত নিষেধাজ্ঞা

এলাহাবাদ বেংকৰ গুৱাহাটীৰ মাছখোৱা শাখাৰ কাম-কাজকে ধৰি সকলো ব্যৱস্থাতে নিষেধাজ্ঞা আৰোপ কৰিছে প্ৰশাসনে ৷ মহানগৰীত চিনাক্ত একাংশ ক'ৱিড-১৯আক্ৰান্তই এই বেংকত বিগত কিছুদিনত লেনদেন কৰাৰ তথ্য পোহৰলৈ অহাৰ পাছতে জিলা প্ৰশাসনে এই ব্যবস্থা গ্ৰহণ কৰিছে ৷ অসম কৱিড-১৯নিয়ন্ত্ৰণ বিধি, ২০২০ৰ আধাৰত প্ৰশাসনে এনে ব্যৱস্থা গ্ৰহণ কৰিছে ৷ এই সম্পৰ্কত জাৰি কৰা নিৰ্দেশনাত কোৱা হয় যে কামৰূপ মহানগৰ জিলাৰ নিৰীক্ষণ বিষয়া (Surveillence Officer)-ই এলাহাবাদ বেংকৰ উক্ত শাখাৰ প্ৰতিজন বিষয়া-কৰ্মচাৰীৰ নমুনা সংগ্ৰহ কৰিব আৰু তেওঁলোকৰ সংস্পৰ্শলৈ কোন কোন লোক আহিছিল, সেয়া নিৰূপণ কৰিব। শাখাটোত তাৎক্ষণিকভাবে নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।উক্ত নিৰ্দেশনাত তাৎক্ষণিকভাবে শাখাটোৰ কাম-কাজ বাতিল কৰিবলৈ কোৱা হৈছে ৷ লগতে বিষয়া-কৰ্মচাৰীসকলৰ নমুনা পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ নোপোৱালৈকে তেওঁলোকক কোৱাৰাণ্টাইনত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে ৷ প্ৰশাসনে এই কথাও স্পষ্ট কৰি দিছে যে উক্ত নিৰ্দেশনা উলংঘাকাৰীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৷ এনে ব্যক্তিৰ বিৰুদ্ধে অসম ক'ৱিড-১৯নিয়ন্ত্ৰণ বিধি, ২০২০. দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫আৰু ১৮৯৭ৰ মহামাৰী নিয়ন্ত্ৰণ আইনৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৷ উল্লেখ্য যে কামৰূপ( মহানগৰ)জিলাত ১৫ জনৰো অধিক কৱিড-১৯আক্ৰান্ত চিনাক্ত কৰা হৈছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com