ক'ৰ'না আক্ৰান্ত চিনাক্তঃক্ষেত্ৰীৰ এক অঞ্চলক কণ্টেইনমেণ্ট জ'নৰূপে চিহ্নিত

বুধবাৰে বিয়লি তিনি বজাৰ পৰা ক্ষেত্ৰীৰ এই অঞ্চলক কণ্টেইনমেণ্ট জ'নৰূপে চিহ্নিত কৰা হৈছে ৷
ক'ৰ'না আক্ৰান্ত চিনাক্তঃক্ষেত্ৰীৰ এক অঞ্চলক কণ্টেইনমেণ্ট জ'নৰূপে চিহ্নিত

ক'ৰ'না আক্ৰান্ত চিনাক্তঃক্ষেত্ৰীৰ এক অঞ্চলক কণ্টেইনমেণ্ট জ'নৰূপে চিহ্নিত

কামৰূপ(মহানগৰ)জিলাৰ অন্তৰ্গত তথা গুৱাহাটী মহানগৰৰ পাৰ্শ্বৱৰ্তী ক্ষেত্ৰীৰ এটা অঞ্চলক কণ্টেইনমেণ্ট জ'নৰূপে ঘোষণা কৰিছে প্ৰশাসনে ৷ ক্ষেত্ৰীৰ লখিটাৰী অঞ্চলত ক'ৰ'না মহামাৰীত আক্ৰান্ত হৈছে ৷ অঞ্চলটোৰ লোক ক'ৰ'না মহামাৰীত আক্ৰান্ত হোৱাটো নিশ্চিত কৰাৰ পাছতে কামৰূপ মহানগৰ জিলা প্ৰশাসনে অঞ্চলটোক কণ্টেইমেণ্ট জ'নৰূপে ঘোষণা কৰে ৷ মহানগৰ প্ৰশাসনে জাৰি কৰা নিৰ্দেশ অনুসৰি বুধবাৰে বিয়লি তিনি বজাৰ পৰা ক্ষেত্ৰীৰ এই অঞ্চলক কণ্টেইনমেণ্ট জ'নৰূপে চিহ্নিত কৰা হৈছে ৷

এই কণ্টেইনমেণ্ট জ'নৰ চাৰিসীমা এনেধৰণৰঃ

১) কেওঁটপাৰা চুবুৰীৰ ফিচাৰীৰ পৰা উত্তৰলৈ ৷

২) লখিটাৰীৰ বৰপাক ৰোডৰ পৰা দক্ষিণলৈ

৩) এছ বি আইৰ মলয়বাৰী শাখাৰ পৰা পূবলৈ আৰু

৪) ৰবীন শৰ্মা নামৰ লোকজনৰ বাসগৃহৰ পৰা পশ্চিমলৈ ৷

এই কণ্টেইনমেণ্ট জ'নত অকৰ্তৃত্বশীল কোনো লোক আৰু যান-বাহনে প্ৰৱেশ কৰিব নোৱাৰিব বুলি জিলা প্ৰশাসনে জাননী জাৰি কৰিছে ৷ এই নিৰ্দেশ উলংঘাকাৰীৰ বিৰুদ্ধে ২০০৫ৰ দুৰ্যোগ ব্যৱস্থাপনা আইন আৰু ১৮৯৭ৰ মহামাৰী ৰোগ আইনকে ধৰি আনুসংগিক আইনৰ ধাৰাত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি প্ৰশাসনে সকলোকে সতৰ্ক কৰি দিছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com