এন আৰ চিৰ পুঁজি আত্মসাৎঃ হাজেলাৰ বিৰুদ্ধে নতুন গোচৰ ৰুজু এ পি ডব্লিউৰ

হাজেলাই এন আৰ চি উন্নীতকৰৃণৰ বাবে ছফটৱেৰ যোগান ধৰা উইপ্ৰ’ প্ৰতিষ্ঠানৰ সৈতে মিলি এন আৰ চিৰ পুঁজিত লুণ্ঠন চলায়।
এন আৰ চিৰ পুঁজি আত্মসাৎঃ হাজেলাৰ বিৰুদ্ধে নতুন গোচৰ ৰুজু এ পি ডব্লিউৰ

এন আৰ চিৰ পুঁজি আত্মসাৎঃ হাজেলাৰ বিৰুদ্ধে নতুন গোচৰ ৰুজু এ পি ডব্লিউৰ

অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী(এন আৰ চি) উন্নীতকৰণৰ পুঁজি আত্মসাতৰ অভিযোগ তুলি এন আৰ চিৰ পূৰ্বৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে আৰু এটা গোচৰ ৰুজু কৰিলে অসম পাব্লিক ৱৰ্কছ(এ পি ডব্লিউ)-এ ৷ পূৰ্বৰ লেখীয়াকৈ সংগঠনটোৱে কেন্দ্ৰীয় অনুসন্ধান সংস্থা(চি বি আই)-ৰ ওচৰত এই গোচৰ ৰুজু কৰিছে ৷ এ পি ডব্লিউৱে অভিযোগ কৰা অনুসৰি হাজেলাই এন আৰ চি উন্নীতকৰৃণৰ বাবে ছফটৱেৰ যোগান ধৰা উইপ্ৰ' প্ৰতিষ্ঠানৰ সৈতে মিলি এন আৰ চিৰ পুঁজিত লুণ্ঠন চলায় ৷ এনে অভিযোগ তুলি ইতিমধ্যে সংগঠনটোৱে হাজেলা আৰু উইপ্ৰ'ৰ বিৰুদ্ধে চাৰিটাৰো অধিক গোচৰ ৰুজু কৰিছে ৷ উল্লেখ্য যে চূড়ান্ত এন আৰ চি প্ৰকাশৰ পাছতে সৃষ্টি হোৱা তুমুল প্ৰতিক্ৰিয়াৰ মাজতে হাজেলাক উচ্চতম ন্যায়ালয়ে মধ্য প্ৰদেশলৈ বদলি কৰে ৷ তাৰ পাছৰে পৰা জ্যেষ্ঠ আই এ এছ বিষয়াজনৰ বিৰুদ্ধে এ পি ডব্লিউৱে ইটোৰ পাছত সিটোকৈ গোচৰ ৰুজু কৰি আহিছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com