ফাঁচী বজাৰৰ একাংশ ছীলঃ সাধাৰণ লোকৰ প্ৰৱেশ নিষিদ্ধ

অঞ্চলটোত কোনো অকৰ্তৃত্বশীল ব্যক্তিয়ে প্ৰৱেশ কৰিব নোৱাৰিব।
ফাঁচী বজাৰৰ একাংশ ছীলঃ সাধাৰণ লোকৰ প্ৰৱেশ নিষিদ্ধ

ক'ৰ'না পজিটিভ হ'ল হোটেল ৰাজকমলত আশ্ৰয় লোৱা ব্যক্তিঃ ফাঁচী বজাৰৰ একাংশ ছীল

অসমকে ধৰি উত্তৰ-পূবৰ ব্যৱসায়-বাণিজ্যৰ প্ৰাণকেন্দ্ৰ ফাঁচী বজাৰৰ এক অঞ্চল ক'ৰ'না সংক্ৰমিত বা কণ্টেইমেণ্ট জ'নৰূপে ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। অঞ্চলটোত অৱস্থিত হোটেল ৰাজকমলত আশ্ৰয় লোৱা এজন ব্যক্তিৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে ।ইয়াৰ পৰিপ্ৰেক্ষিতত মঙলবাৰে স্বাস্থ্য বিভাগে হোটেলখনৰ লগতে ওচৰ-পাঁজৰৰ অঞ্চলক কণ্টেইমেণ্ট জ'নৰূপে ঘোষণা কৰিছে ।হোটেলখন বা অঞ্চলটোত সকলো লোকৰে প্ৰৱেশ নিষিদ্ধ কৰা হৈছে ৷ এয়া নিশ্চিত কৰাৰ দায়িত্ব প্ৰদান কৰা হৈছে স্থানীয় ৰাজহ চক্ৰ বিষয়াক ৷ প্ৰশাসনে জাৰি কৰা নিৰ্দেশ অনুসৰি অঞ্চলটোত কোনো অকৰ্তৃত্বশীল ব্যক্তিয়ে প্ৰৱেশ কৰিব নোৱাৰিব। 

উল্লেখ্য যে কালিও ৰাজ্যত দুজন ক'ৱিড-১৯আক্ৰান্ত চিনাক্ত হয় ৷ ইয়াৰে এজন গুৱাহাটীৰ আৰু আনজন মৰিগাঁও জিলাৰ ৷ ফলত ৰাজ্যত ক'ৱিড-১৯আক্ৰান্তৰ সংখ্যা ৬৪জনলৈ বৃদ্ধি পাইছে 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com