গুৱাহাটীৰ তৰুণ নগৰৰ একাংশক কণ্টেইনমেণ্ট জ'ন ঘোষণা

ৰাজ্য চৰকাৰে তৰুণ নগৰৰ দীনেশ ওজা পথক কণ্টেইনমেণ্ট জ’নৰূপে ঘোষণা কৰিছে।
গুৱাহাটীৰ তৰুণ নগৰৰ একাংশক কণ্টেইনমেণ্ট জ'ন ঘোষণা

গুৱাহাটীৰ তৰুণ নগৰৰ একাংশক কণ্টেইনমেণ্ট জ'ন ঘোষণা

গুৱাহাটীৰ মাজমজিয়াৰ তৰুণ নগৰৰ একাংশক ক'ৰ'না কণ্টেইনমেণ্ট জ'নৰূপে ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। কিছু সময় পূৰ্বে ৫৩জন ক'ৰ'না পজিটিভ চিনাক্ত হোৱাৰ পাছতে ৰাজ্য চৰকাৰে তৰুণ নগৰৰ দীনেশ ওজা পথক কণ্টেইনমেণ্ট জ'নৰূপে ঘোষণা কৰিছে। এই কথা সদৰী কৰি কামৰূপ(মহানগৰ) জিলাৰ উপায়ুক্ত বিশ্বজিত পেগুৱে কয় যে উক্ত পথৰ উত্তৰে থকা আশীৰ্বাদ এপাৰ্টমেণ্ট, দক্ষিণে জি এছ ৰোডত থকা আছাম ফ্লোৰ মিল, পূবে থকা এইচ পি এপাৰ্টমেণ্ট আৰু চিত্তৰঞ্জন শৰ্মাৰ বাসভৱন তথা পশ্চিমে থকা এপ্ৰোডাইট বিউটী পাৰ্লাৰৰলৈকে কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰা হৈছে। ইয়াৰ নীতি-নিয়ম উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ''ব বুলি উপায়ুক্তই সকীয়াই দিছে। তেওঁ কয় যে নীতি-নিয়ম উলংঘাকাৰীৰ বিৰুদ্ধে ২০০৫ৰ দুৰ্যোগ ব্যৱস্থাপনা আইন, ১৮৯৭ৰ মহামাৰী ৰোগ আইনকে ধৰি আনুসংগিক আইনৰ ধাৰাত ব্যৱস্থা গ্ৰহণ কৰা হ'ব।

আনহাতে, শেহতীয়া তথ্য অনুসৰি এই মহামাৰীত আক্ৰান্তৰ সংখ্যা সম্প্ৰতি ৩১৯ জনলৈ বৃদ্ধি পাইছে ৷ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি আজি নতুনকৈ ৫৩জন লোকৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰে ৷ এই ৫৩ জন লোকৰ ৪৪জন সৰুসজাই কোৱাৰেণ্টিন চেণ্টাৰত আছে ৷ আন কেইজনৰ সাতজন ডিমা হাচাওৰ আৰু দুজন কাচাৰৰ । এই লোক কেইজন পজিটিভ চিনাক্ত হোৱাৰ লগে লগে ম্প্ৰতি ৰাজ্যত শৰীৰত ক'ৰ'না ভাইৰাছ সক্ৰিয় হৈ থকা লোকৰ সংখ্যা ২৫৮ জনলৈ বৃদ্ধি পাইছে ।৪৮জনে সুস্থ হৈ চিকিৎসালয়ৰ পৰা ঘৰলৈ গৈছে ৷ 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com