সাক্ষৰতাঃ দেশৰ শীৰ্ষ পাঁচখন ৰাজ্যৰ মাজত অসম

অসমত সাক্ষৰতাৰ হাৰ ৮৫.৯ শতাংশ ৷ এন এছ অ’-ৰ তথ্য অনুসৰি অসমে সাক্ষৰতাৰ ক্ষেত্ৰত দেশৰ ভিতৰত এই স্বীকৃতি অৰ্জন কৰিছে
সাক্ষৰতাঃ দেশৰ শীৰ্ষ পাঁচখন ৰাজ্যৰ মাজত অসম

সাক্ষৰতাৰ ক্ষেত্ৰত দেশৰ পাঁচখন শীৰ্ষ ৰাজ্যৰ মাজত স্থান লাভ কৰিছে অসমে ৷ অসমত সাক্ষৰতাৰ হাৰ ৮৫.৯ শতাংশ ৷ ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয় (এন এছ অ')-ৰ তথ্য অনুসৰি অসমে সাক্ষৰতাৰ ক্ষেত্ৰত দেশৰ ভিতৰত এই স্বীকৃতি অৰ্জন কৰিছে ৷ অৱশ্যে পূৰ্বৰ লেখীয়াকৈ এক নম্বৰ স্থানত আছে কেৰালা। ৰাজ্যখনত সাক্ষৰতাৰ হাৰ ৯৬.২শতাংশ। এইক্ষেত্ৰত ৮৮.৭শতাংশ সাক্ষৰতাৰে দ্বিতীয় স্থানত আছে ৰাজধানী দিল্লী ৷ তৃতীয় স্থানত আছে উত্তৰাখণ্ড। ৰাজ্যখনত সাক্ষৰতাৰ হাৰ ৮৭.৬ শতাংশ ৷

আনহাতে, চতুৰ্থ স্থানত থকা হিমাচল প্ৰদেশৰ সাক্ষৰতাৰ হাৰ ৯৬.৬ শতাংশ। লক্ষ্যণীয় যে দেশৰে সৰ্বনিম্ন সাক্ষৰ লোকৰ ৰাজ্য হৈছে অন্ধ্ৰ প্ৰদেশ। ৰাজ্যখনৰ সাক্ষৰতাৰ হাৰ ৬৬.৪ শতাংশ৷ একেদৰে শোচনীয় ফল প্ৰদৰ্শন কৰা বিহাৰৰো সাক্ষৰতাৰ হাৰ ৭০.৯ শতাংশ ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com