অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৩৫০ জনলৈ বৃদ্ধি

এই চাৰিজন ক’ৰ’না আক্ৰান্ত দুজন চিৰাঙৰ আৰু আন দুজন যোৰহাট জিলাৰ ।
অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৩৫০ জনলৈ বৃদ্ধি

অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৩৫০ জনলৈ বৃদ্ধি

ক্ৰমাৎ অসমৰ ক'ৰ'না মহামাৰীজনিত পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে৷ শেহতীয়া তথ্য অনুসৰি এই মহামাৰীত আক্ৰান্তৰ সংখ্যা সম্প্ৰতি ৩৫০জনলৈ বৃদ্ধি পাইছে ৷ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি আজি নতুনকৈ ৪জন ক'ৰ'না আক্ৰান্ত চিনাক্ত কৰা হয় । এই চাৰিজন ক'ৰ'না আক্ৰান্ত দুজন চিৰাঙৰ আৰু আন দুজন যোৰহাট জিলাৰ ।চিৰাঙৰ দুজন তেজপুৰ কোৱাৰেণ্টিন চেণ্টাৰত আছে। আনহাতে, যোৰহাটৰ দুজনে চেন্নাই ভ্ৰমণ কৰিছিল।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com