এ ই চিৰ ছাত্ৰাবাসক কোৱেৰিণ্টন কেন্দ্ৰৰূপে ব্যৱহাৰৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ

যিসকল ছাত্ৰ-ছাত্ৰীয়ে ছাত্ৰাবাসত থকা বয়-বস্তু অহা ৩০মে’ বা তাৰ পূৰ্বে সংগ্ৰহত ব্যৰ্থ হয়, তেওঁলোকৰ বয়-বস্তুৰ দায়িত্ব লব সংশ্লিষ্ট অধীক্ষকে
এ ই চিৰ ছাত্ৰাবাসক কোৱেৰিণ্টন কেন্দ্ৰৰূপে ব্যৱহাৰৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ

এ ই চিৰ ছাত্ৰাবাসক কোৱেৰিণ্টন কেন্দ্ৰৰূপে ব্যৱহাৰৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ

অসম অভিযান্ত্ৰিক মহাবিদ্যালয়(AEC)ৰ ছাত্ৰাবাসসমূহক ক'ৰ'না কোৱাৰেণ্টিন কেন্দ্ৰৰূপে ব্যৱহাৰৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত ছাত্ৰাবাসৰ আবাসীসকলক অহা ৩০ম'ৰ ভিতৰত ছাত্ৰাবাস খালী কৰিবলৈ প্ৰশাসনে নিৰ্দেশ জাৰি কৰিছে ৷ এই কথা সদৰী কৰি মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ অতুল বৰাই কয় যে ছাত্ৰাবাসসমূহৰ আবাসীসকলক অগ্ৰাধিকাৰ অনুযায়ী পাঠ্যপুথি, অধ্যাপক-অধ্যাপিকাসকলে দিয়া টোকা আদি সংগ্ৰহ কৰিবলৈ কোৱা হৈছে ৷ ইয়াৰ কাৰণ ছাত্ৰ-ছাত্ৰীসকলক এইসমূহে অনলাইন পৰীক্ষাত অৱতীৰ্ণ হোৱাত সহায় কৰিব ৷ অধ্যক্ষ জানিবলৈ দিয়া মতে, ছাত্ৰ-ছাত্ৰীসকলৰ যাতে শিক্ষাবৰ্ষ অন্ত নপৰে তাৰ বাবে অনলাইনত পৰীক্ষা অনুষ্ঠিত কৰাৰ বিষয়ে মহাবিদ্যালয় কৰ্তৃপক্ষই চিন্তা-চৰ্চা কৰিছে ৷ আনহাতে, তেওঁ কয় যে যিসকল ছাত্ৰ-ছাত্ৰীয়ে ছাত্ৰাবাসত থকা বয়-বস্তু অহা ৩০মে' বা তাৰ পূৰ্বে সংগ্ৰহত ব্যৰ্থ হয়, তেওঁলোকৰ বিষয়ে সংশ্লিষ্ট ছাত্ৰাবাসৰ অধীক্ষকক অৱগত কৰা হ'ব ৷ ইয়াৰ দ্বাৰা অধীক্ষকক তেনে ছাত্ৰ-ছাত্ৰীৰ বয়-বস্তু চমজি লৈ ভালদৰে ৰাখিবলৈ কোৱা হ'ব ৷ ইপিনে, দূৰদূৰণীৰ ছাত্ৰ-ছাত্ৰীসকলক সংশ্লিষ্ট ছাত্ৰাবাসৰ অধীক্ষকৰ অনুমোদন এটা নিশাৰ বাবে থাকিবলৈ দিয়া হ'ব বুলিও অধীক্ষক ডঃ বৰাই জানিবলৈ দিছে ।ডঃ বৰাই লগতে কয় যে যিসকল ছাত্ৰ-ছাত্ৰীয়ে ছাত্ৰাবাসত থকা বয়-বস্তু নিবলৈ অপাৰগ হয়, তেওঁলোকক মহাবিদ্যালয়ৰ নতুন চৌহদৰ জিৰণি চ'ৰা আৰু পুথিভঁৰাল ব্যৱহাৰ কৰিবলৈ কোৱা হ'ব ৷

উল্লেখ্য যে দেশজোৰা তলাবন্ধৰ ফলত বহিঃৰাজ্যত লোকৰ অসম আগমন বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰিছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com