লক্ষণবিহীন ক'ৰ'না ৰোগীক চৰ্ত সাপেক্ষে ঘৰতে চিকিত্সাৰ অনুমতি

চৰ্তসমূহ পূৰণ কৰিলে এজন ক’ৰ’না ৰোগীয়ে ঘৰতে আছুতীয়াকৈ থাকি চিকিত্সা গ্ৰহণ কৰিব পাৰিব ।
লক্ষণবিহীন ক'ৰ'না ৰোগীক চৰ্ত সাপেক্ষে ঘৰতে চিকিত্সাৰ অনুমতি

লক্ষণবিহীন লক্ষণবিহীন ক'ৰ'না ৰোগীক চৰ্ত সাপেক্ষে ঘৰতে চিকিত্সাৰ অনুমতি প্ৰদান কৰিছে ৰাজ্য চৰকাৰে। আজি এখন সংবাদমেলত এই কথা প্ৰকাশ কৰি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে নিম্নোক্ত চৰ্তসমূহ পূৰণ কৰিলে এজন ক'ৰ'না ৰোগীয়ে ঘৰতে আছুতীয়াকৈ থাকি চিকিত্সা গ্ৰহণ কৰিব পাৰিবঃ

১) প্ৰথমে প্ৰতিবেশীয়ে এনে এজন ব্যক্তি বাসভৱন বা ফ্লেটত থকাৰ বিৰোধিতা কৰিব নালাগিব।

২) এনে এজন ব্যক্তিৰ লগত বয়সস্থ পিতৃ-মাতৃ থাকিব নালাগিব।

৩) এনে ব্যক্তিয়ে পালছ জোখা যন্ত্ৰ কিনিব লাগিব।

৪) প্ৰতি তিনি ঘণ্টাৰ মূৰে মূৰে ব্যক্তিগত চিকিত্সকে স্বাস্থ্য পৰীক্ষা কৰিব লাগিব।

৫) যদি পালছ অক্সিমিটাৰৰ ৰেট ৯৫তকৈ কম হয়, তেন্তে এনে এজন ব্যক্তি ব্যক্তিগত বাহনেৰে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ যাব লাগিব।

আনহাতে, এনে চৰ্তাৱলী মানি চলিব বুলি এনে এজন ব্যক্তিয়ে চুক্তি স্বাক্ষৰ কৰিব লাগিব বুলি মন্ত্ৰী শৰ্মাই সংবাদমেলত সদৰী কৰিছে। তেওঁ কয়, "ঘৰতে থাকিবলৈ বিচৰা ক'ৰ'না ৰোগী ইচ্ছাক আমি সন্মান জনাওঁ। কিন্তু তেওঁলোকে আনৰ শৰীৰলৈ ভাইৰাছ সংক্ৰমিত কৰাটো অপৰাধ হ'ব। এনে ব্যক্তিয়ে চুক্তি স্বাক্ষৰ কৰিব লাগিব"।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com