সুৰাৰ পৰা মাথোঁ দুদিনতে অসম চৰকাৰৰ সংগ্ৰহ ২৫ কোটি টকাৰ ৰাজহ

Liquor shops
Liquor shops

সুৰাৰ পৰা মাথোঁ দুদিনতে অসম চৰকাৰৰ সংগ্ৰহ ২৫ কোটি টকাৰ ৰাজহ। কিছুদিনে পূৰ্বে গৃহ মন্ত্ৰালয়ে নিৰ্দেশ জাৰি কৰিছিল যে দেশৰ যিসমূহ স্থান ক'ৱিড-১৯ ৰ হটস্পট আৰু ৰেড জোনৰ বাহিৰত আছে, সেইসমূহ স্থানত ক'ৱিড-১৯-ৰ নীতি নিৰ্দেশনাৰ সহায়ত দোকান পোহাৰ খুলিব পাৰিব । অৰ্থাৎ ক'ৱিড-১৯-ৰ গ্ৰীণ জোন আৰু অ'ৰেঞ্জ জোনৰ স্থানসমূহত কিছুমান চৰ্তাৱলী সাপেক্ষে ব্যৱসায়-বাণিজ্য চলোৱাৰ নিৰ্দেশ দিছিল ।

সোমবাৰে দেশৰ প্ৰায় ৫০% সুৰাৰ দোকান খুলিছে । উল্লেখ্য যে মাত্ৰ এদিনত সমগ্ৰ দেশত প্ৰায় ৭০০ কোটি টকাৰ সুৰা বিক্ৰী হয়। ফলত ৰাজ্যসমূহে সুৰাৰ পৰা বাৰ্ষিক প্ৰায় ২.৫ ত্ৰিলিয়ণ টকাৰ ৰাজহ সংগ্ৰহ কৰে ।

সুৰা প্ৰতিষ্ঠানৰ সূত্ৰ অনুসৰি ২৪ মাৰ্চৰ পৰা হোৱা দেশজুৰি তলা বন্ধৰ ফলত এই ডেৰ মাহত সুৰাৰ পৰা ক্ষতি হৈছে প্ৰায় ৩০,০০০ কোটি টকা ।

সোমবাৰে সুৰাৰ দোকান‌ খোলাৰ পিছত অসম চৰকাৰে মঙ্গলবাৰলৈ ২৫ কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰে । ৰাজ্যত মুঠ ৭৫ কোটি টকাতকৈ অধিক টকাৰ সুৰা‌ বিক্ৰী হৈছে ।

অন্যহাতে, আবকাৰী বিভাগে সুৰাৰ শুল্ক সংগ্ৰহ পৰিবৰ্তন কৰি বিত্তীয় বিভাগক দিছে।এই পদক্ষেপৰ ফলত ৫০০ কোটি টকাৰ অতিৰিক্ত ৰাজহ সংগ্ৰহৰ আশা কৰা হৈছে।

সুৰাৰ দোকান খোলাত গুৰুত্ব দিয়া হৈছে যদিও ৰাজ্যৰ ৰাজহ বৃদ্ধি কৰিবলৈ আবকাৰী বিভাগৰ ওপৰত বিশ্বাস ৰখাৰ বাহিৰে আন কোনো বিকল্প নাই ।

লকডাউনৰ ফলত কৃষি, উদ্যেগ, আৰু অন্য ক্ষেত্ৰ‌ সমূহত যথেষ্ট ক্ষতি সাধন হৈছে। এই ক্ষেত্ৰ সমূহে ৰাজ্যত ৰাজহ উৎপন্ন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

এজন অৰ্থশাস্ত্ৰৰ ছাত্ৰই কয় যে এয়া এক আজৱ কথা আৰু বাস্তৱ যে ৰাজ্যৰ ঘাটি অৰ্থ-ব্যৱস্থা ঘূৰাই অনাৰ বাবে আবকাৰী বিভাগৰ পৰা আশা কৰিব পৰা যায় ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com