বিতৰ্কিত গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰত ব্যৰ্থ অসম আৰক্ষী

উপ-আৰক্ষী আয়ুক্ত (ডি চি পি-অপৰাধ শাখা) বৰুণ পুৰকায়স্থৰ নেতৃত্বত এটা দল কলকাতালৈ ৰাওনা হয় ।
বিতৰ্কিত গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰত ব্যৰ্থ অসম আৰক্ষী

'বৰ অসম'-ৰ ভেটী প্ৰতিষ্ঠাতা তথা অসমত আহোম ৰাজ্য প্ৰতিষ্ঠাতা চাওলুং ছ্যুকাফা সম্পৰ্কত আপত্তিজনক মন্তব্য কৰা কলকাতাৰ গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰত ব্যৰ্থ হ'ল অসম আৰক্ষী । উল্লেখ্য যে চীন সেনাৰ হাতত ২০জন ভাৰতীয় সৈনিক ছহিদ হোৱাৰ পাছত চেটাৰ্জীয়ে ছ্যুকাফাক চীনা আক্ৰমণকাৰী আখ্যা দি এটা অতি আপত্তিজনক টুইট কৰে ৷ তদুপৰি অসম দিৱস আয়োজন কৰি অহাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক কটু সমালোচনা কৰি টুইট কৰে ৷ তেওঁৰ এনে টুইটে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাত তেওঁ টুইট ডিলিট কৰে ।তৎসত্বেও প্ৰতিক্ৰিয়া অব্যাহত থাকে ৷ অৱশেষত যোৱা ১৮জুনত ডিব্ৰুগড়ৰ ভাস্কৰ গগৈ নামৰ এজন লোকে চেটাৰ্জীৰ বিৰুদ্ধে আৰক্ষীক গোচৰ দিয়ে ৷ আনহাতে, বিষয়টোক গুৰুত্ব সহকাৰে লৈ মুখ্যমন্ত্ৰী সোণোৱালে চেটাৰ্জীক গ্ৰেপ্তাৰৰ বাবে দল প্ৰেৰণ কৰিবলৈ অসম আৰক্ষীক নিৰ্দেশ দিয়ে ৷ সেই অনুসৰি যোৱা গুৱাহাটী আৰক্ষীৰ উপ-আৰক্ষী আয়ুক্ত (ডি চি পি-অপৰাধ শাখা) বৰুণ পুৰকায়স্থৰ নেতৃত্বত এটা দলে চেটাৰ্জীক গ্ৰেপ্তাৰৰ উদ্দেশ্যে কলকাতালৈ ৰাওনা হয় । কিন্তু তেওঁক অসম আৰক্ষীৰ দলটোৱে গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে ৷ অৱশেষত বিফল মনোৰথেৰে দলটো আজি সন্ধিয়া গুৱাহাটীত উপস্থিত হয় ৷ আনহাতে, কলকাতা আৰক্ষীৰ অ-সহযোগিতাৰ বাবে অসম আৰক্ষীৰ দলটোৱে বিতৰ্কিত লোকজনক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে বুলি চৰ্চা হৈছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com