শিশুৰ যকৃত-বৃক্ক-হাড় মজ্জাৰ সংৰোপনত অসম চৰকাৰৰ সহায়ৰ হাত

শিশুৰ যকৃত-বৃক্ক-হাড় মজ্জাৰ সংৰোপনত অসম চৰকাৰৰ সহায়ৰ হাত

শনিবাৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ইয়াৰ প্ৰথমটো পৰীক্ষণ শিবিৰ অহা ১০অক্টোবৰত অনুষ্ঠিত হ’ব ৷

কম বয়সীয়া তথা ১২বছৰ তলৰ শিশুৰ যকৃত, বৃক্ক আৰু হাড়মজ্জাৰ সংৰোপণত সহায়ৰ হাত আগবঢ়াব অসম চৰকাৰে ৷ বিজেপিৰ সেৱা সপ্তাহ উপলক্ষে এই কথা ঘোষণা কৰি শনিবাৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ইয়াৰ প্ৰথমটো পৰীক্ষণ শিবিৰ অহা ১০অক্টোবৰত অনুষ্ঠিত হ'ব ৷

১২বছৰ বয়সৰ তলৰ শিশুক যকৃত বা বৃক্ক বা হাড় মজ্জাৰ সংৰোপন সৰ্বোত্তম চিকিৎসালয়ত সম্পন্ন কৰিব পৰাকৈ অসম চৰকাৰে সহায় আগবঢ়াব বুলি সদৰী কৰি তেওঁ আৰু কয়, " অসম চৰকাৰে এনে বয়সৰ শিশুৰ এনে চিকিৎসাৰ ক্ষেত্ৰত ১০০শতাংশ সহায়ৰ হাত আগবঢ়াব। আমি অহা ১০অক্টোবৰত প্ৰথমটো পৰীক্ষণ শিবিৰ অনুষ্ঠিত কৰিম"৷ আনহাতে, হৃদৰোগৰ অস্ত্ৰোপচাৰ আৰু হাড় মজ্জাৰ সংৰোপন কৰাবলৈ বাংগালুৰু আৰু কলকাতালৈ যাত্ৰা কৰিবলৈ সাজু হোৱা ৭০টি শিশুক বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে বিমানৰ টিকট প্ৰদান কৰে ৷

উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭০সংখ্যক জন্মদিন উপলক্ষ্যে ৰাজ্যিক বিজেপিয়ে সেৱা সপ্তাহ পালন কৰিছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com