অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী আনোৱাৰ টাইমুৰৰ বিয়োগ

টাইমুৰে ১৯৮০ৰ ৬ ডিচেম্বৰৰ পৰা ১৯৮১ৰ ৩০জুনলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰিছিল ৷
অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী আনোৱাৰ টাইমুৰৰ বিয়োগ

ৰাজ্যৰ প্ৰথম তথা একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী ছৈয়দা আনোৱাৰা টাইমুৰ আৰু নাই ৷ দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ আজি সোমবাৰে বিয়োগ ঘটে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৪বছৰ। তেওঁ বিগত বহু বছৰ ধৰি পুত্ৰৰ সৈতে অষ্ট্ৰেলিয়াত বাস কৰি আছিল ৷

চাৰিবাৰ বিধায়িকাৰূপে কাৰ্যনিৰ্বাহ কৰা টাইমুৰে ১৯৮০ৰ ৬ ডিচেম্বৰৰ পৰা ১৯৮১ৰ ৩০জুনলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰিছিল ৷ তদুপৰি তেওঁ গড়কাপ্তানী বিভাগৰ মুখ্যমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰিছিল ৷ তেওঁ ১৯৭২, ১৯৭৮, ১৯৮৩আৰু ১৯৯১ত বিধায়িকা নিৰ্বাচিত হৈছিল ৷ টাইমুৰৰ বিয়োগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাসহ বহুজনে শোকপ্ৰকাশ কৰিছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com