অখিল গগৈৰ জামিনৰ শুনানী প্ৰক্ৰিয়া আৰম্ভ

অখিলৰ হৈ শুনানিত ভিডিও কণফাৰেন্স যোগে অংশগ্ৰহণ কৰে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা পি এছ নৰসিংহই।
অখিল গগৈৰ জামিনৰ শুনানী প্ৰক্ৰিয়া আৰম্ভ

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰাৰু্দ্ধ নেতা অখিল গগৈৰ জামিন আবেদনৰন আই এৰ আদালতে তেওঁৰ জামিন আবেদন পূ্ৰ্বে নাকচ কৰে। আজি সোমবাৰৰ পৰা গগৈৰ জামিনৰ শুনানি প্ৰক্ৰিয়া আৰম্ভ হৈছে। এন আই এই কৃষক মুক্তিৰ নেতাজনৰ বিৰুদ্ধে অভিযোগ, তথ্য পাতি দাখিলৰ বাবে চাৰি সপ্তাহৰ সময় বিচাৰে। অহা ১৩ অক্টোবৰৰ ভিতৰত অখিলৰ বিৰুদ্ধে আন অভিযোগ বা তথ্য পাতি থাকিলে দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে উচ্চ ন্যায়ালয়ে। আজিৰ পৰা শুনানি আৰম্ভ হয় যদিও অহা ১৩ অক্টোবৰৰ পৰাহে পূৰ্ণ পৰ্যায়ৰ শুনানি অনুষ্ঠিত হ'ব।

অখিলৰ হৈ শুনানিত ভিডিও কণফাৰেন্স যোগে অংশগ্ৰহণ কৰে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা পি এছ নৰসিংহই। এই কথা জনায় তেওঁৰ অধিবক্তা ৰাহুল শেনচোৱাই। কোভিড-১৯ৰ ল পৰিপ্ৰেক্ষিতত অসমলৈ নাহি দিল্লীৰ পৰাই ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে শুনানি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিছে নৰসিংহই।

উল্লেখযোগ্য যে এন আই এৰ ১৩/১৯ নম্বৰ গোচৰত বৰ্তমানো কাৰাৰুদ্ধ হৈ আছে কৃষক মুক্তিৰ নেতা অখিল। যোৱা ৯ মাহে কাৰাৰুদ্ধ অখিল সম্প্ৰতি জি এম চি এইচত চিকিৎসাধীন হৈ আছে। আনহাতে, অখিলৰ হকে আইনী যুঁজৰ বাবে প্ৰায় ৩০ লাখ টকা সংগ্ৰহ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com