অসমত গো-ব্যৱসায় অব্যাহত থাকিবঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ৰকাৰে প্ৰতি লিটাৰ গাখীৰৰ বিপৰীতে ৮ টকাকৈ ৰাজসাহায্য আগবঢ়াব বুলিও তেওঁ মন্তব্য কৰে
অসমত গো-ব্যৱসায় অব্যাহত থাকিবঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অসমত পূৰ্বৰ লেখীয়াকৈ গো-ব্যৱসায় অব্যাহত থাকিব। এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এখন সভাত ভাষণ দি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে গো-ব্যৱসায় বন্ধ কৰাৰ কোনো ব্যৱস্থা চৰকাৰে কৰ নাই। " যিখন বিধেয়ক চৰকাৰে আনিছে, সেই বিধেয়কত এতিয়াও ৰাজ্যপালে স্বাক্ষৰ কৰা নাই। বিধেয়কখন নেদেখা কিছুসংখ্যক লোকে ভুৱা প্ৰচাৰ চলাইছে। অসমত গো-ব্যৱসায় অব্যাহত থাকিব,'' তেওঁ এইদৰে কয়। 

মুখ্যমন্ত্ৰী শৰ্মাই স্ব-নিয়োজনৰ উদ্দেশ্য দুগ্ধপাম স্থাপন কৰিবলৈও আহ্বান জনায়। চৰকাৰে প্ৰতি লিটাৰ গাখীৰৰ বিপৰীতে ৮ টকাকৈ ৰাজসাহায্য আগবঢ়াব বুলিও তেওঁ মন্তব্য কৰে।  " কন্যকা পাম, পূৰবী আদিয়ে দুগ্ধ উত্পাদন কৰি আহিছে। আনসকলেও এনে পথ লব পাৰে,'' মুখ্যমন্ত্ৰীয়ে এইদৰে কয়। তেওঁ লগতে কয় যে বৰ্তমানৰ ৰাজ্য চৰকাৰৰ লেখীয়াকৈ পূৰ্বৰ কোনো চৰকাৰেই গো-পালকসকলৰ বাবে কাম কৰা নাছিল।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com