১৫হেজাৰ স্কুলত দশম-দ্বাদশ শ্ৰেণীৰ পৰীক্ষা পতাৰ যো-জা চি বি এছ ইৰ

ক'ৰ'না মহামাৰী প্ৰতিৰোধৰ অস্ত্ৰৰূপে চিহ্নিত সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ স্বাৰ্থত কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

১৫হেজাৰ স্কুলত দশম-দ্বাদশ শ্ৰেণীৰ পৰীক্ষা পতাৰ যো-জা চি বি এছ চিৰ

ক'ৰ'না মহামাৰীৰ ভয়াবহ প্ৰাদুৰ্ভাবৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব'ৰ্ড(চি বি এছ ই)-এ সমগ্ৰ দেশৰ ১৫হেজাৰখন বিদ্যালয়ত দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ ক'ৰ'না মহামাৰী প্ৰতিৰোধৰ অস্ত্ৰৰূপে চিহ্নিত সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ স্বাৰ্থত কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ পূৰ্বৰ পৰিকল্পনা অনুসৰি ব'ৰ্ডে তিনি হেজাৰ স্কুলত এই পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা আছিল ৷ কিন্তু ক'ৰ'না মহামাৰীৰ ভয়াবহ প্ৰাদুৰ্ভাবৰ পৰিপ্ৰেক্ষিতত ব'ৰ্ডে সিদ্ধান্ত সলনি কৰিছে ৷ এই কথা সদৰী কৰি কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংকই কয় যে ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি থকা বিদ্যালয়তে পৰীক্ষাত বহিব পাৰিব ৷ পূৰ্বৰ লেখীয়াকৈ আন স্কুললৈ গৈ পৰীক্ষাত বহাৰ প্ৰয়োজন নহ'ব ৷ অৱশ্যে ক'ৰ'না ভাইৰাছৰ প্ৰাদুৰ্ভাবৰ বাবে কণ্টেইনমেণ্ট জ'ন ঘোষিত অঞ্চলসমূহত পৰীক্ষা অনুষ্ঠিত কৰা নহয় বুলিও মানৱ সম্পদ উন্নয়ন মন্ত্ৰীয়ে ঘোষণা কৰিছে ৷ উল্লেখ্য যে ক'ৰ'না মহামাৰীৰ প্ৰাদুৰ্ভাবৰ পৰিপ্ৰেক্ষিতত এই পৰীক্ষাসমূহ স্থগিত ৰখা হয় । সম্প্ৰতি চি বি এছ ইয়ে ঘোষণা কৰিছে যে ব'ৰ্ডৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষা অহা ১ জুলাইৰ পৰা ১৫জুলাইলৈ অনুষ্ঠিত হ'ব ৷ ফলাফল অহা আগষ্টত ঘোষণাৰ সম্ভাৱনা আছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com