যোগকেন্দ্ৰ-ব্যায়ামাগাৰ মুকলিৰ নীতি-নিৰ্দেশনা জাৰি কেন্দ্ৰৰ

এজন ব্যক্তিয়ে আন এজনৰ পৰা অন্ততঃ ৬ ফুট দূৰত্বৰ ব্যৱধান বৰ্তাই ৰাখিব লাগিব।
যোগকেন্দ্ৰ-ব্যায়ামাগাৰ মুকলিৰ নীতি-নিৰ্দেশনা জাৰি কেন্দ্ৰৰ

তলাবন্ধৰ নীতি-নিয়ম শিথিলকৰণৰ অংশস্বৰূপে কেন্দ্ৰীয় চৰকাৰে কণ্টেইনমেণ্ট মণ্ডলৰ বাহিৰৰ যোগকেন্দ্ৰ আৰু ব্যায়ামাগাৰ(জিম)-সমূহ পুনৰ মুকলিৰ অনুমতি প্ৰদান কৰিছে। আজি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে যোগকেন্দ্ৰ আৰু ব্যায়ামাগাৰসমূহ পুনৰ মুকলি সম্পৰ্কীয় এলানি নীতি-নিৰ্দেশনা জাৰি কৰিছে।

এই নীতি-নিৰ্দেশনা অনুসৰি সকলো ব্যায়ামাগাৰতে যিমানদূৰ সম্ভৱ হয়, সিমান লৈকে এজন ব্যক্তিয়ে আন এজনৰ পৰা অন্ততঃ ৬ ফুট দূৰত্বৰ ব্যৱধান বৰ্তাই ৰাখিব লাগিব। ব্যায়ামাগাৰসমূহৰ ভিতৰত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। অৱশ্যে ব্যায়াম বা আসন কৰাৰ সময়ত কিছু ৰেহাই পাব। তদুপৰি কাৰ্ডিঅ আৰু ষ্টেনথ যন্ত্ৰসমূহো ৬ ফুট ব্যৱধানত ৰাখিব লাগিব।   

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com