মহামাৰীৰ মাজতে হ'ব পৰীক্ষাঃ কেন্দ্ৰৰ নীতি-নিৰ্দেশনা জাৰি

মহামাৰীৰ মাজতে  হ'ব পৰীক্ষাঃ কেন্দ্ৰৰ নীতি-নিৰ্দেশনা জাৰি

ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ অব্যাহত থকাৰ সময়তে দেশত বিভিন্ন পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব ৷ এই সংক্ৰান্তীয় নীতি-নিৰ্দেশনা (গাইডলাইন) শেহতীয়াভাবে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰিছে৷ স্বাস্থ্য মন্ত্ৰালয়ৰ নীতি-নিৰ্দেশনা অনুসৰি কণ্টেইনমেণ্ট জ'নসমূহৰ বাহিৰতহে কেৱল পৰীক্ষা অনুষ্ঠিত হ'ব ৷

কণ্টেইনমেণ্ট জ'নসমূহত থকা শিক্ষানুষ্ঠানসমূহত পৰীক্ষা অনুষ্ঠিত নহ'ব ৷ এনে কণ্টেইনমেণ্ট জ'নস্থিত শিক্ষানুষ্ঠানসমূহে সুকীয়া তাৰিখত আন স্থানত পৰীক্ষাৰ আয়োজন কৰিব লাগিব৷ আনহাতে, ক'ৰ'নাৰ লক্ষণবিহীন শিক্ষাৰ্থীকহে পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ দিয়া হ'ব ৷ ক'ৰ'নাত আক্ৰান্তৰ লক্ষণ ফুটি উঠা ছাত্ৰ-ছাত্ৰীক পৰীক্ষাত অৱতীৰ্ণ হ"বলৈ দিয়া নহ'ব ৷ কোনো ছাত্ৰৰ শৰীৰত ক'ৰ'নাত আক্ৰান্ত হোৱাৰ লক্ষণ ফুটি উঠিলে লগে লগে কৰ্তৃপক্ষই নিকটৱৰ্তী চিকিৎসালয়ক অৱগত কৰিব লাগিব ৷

ইপিনে , আন ৰোগত আক্ৰান্ত শিক্ষক-কৰ্মচাৰী বা গৰ্ভৱতী কৰ্মচাৰীক শিক্ষানুষ্ঠানত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com