সমলিংগ বিবাহৰ আইনী বৈধতাৰ বিৰোধিতা কেন্দ্ৰৰ

কিন্তু ছলিচিটৰ জেনেৰেল মেহতাই কয় যে হিন্দু বিবাহ আইনত সমলিংগ বিবাহৰ কোনো ধাৰণা নাই ৷
সমলিংগ বিবাহৰ আইনী বৈধতাৰ বিৰোধিতা কেন্দ্ৰৰ

সমলিংগ বিবাহক আইনী বৈধতা প্ৰদানৰ বিৰোধিতা কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ এই সম্পৰ্কীয় বিষয়ত দিল্লী উচ্চ ন্যায়ালয়ে এখন জনস্বাৰ্থজড়িত আবেদন (পি আই এল)-ৰ শুনানী গ্ৰহণ কৰি আছে ৷ শুনানিৰ সময়ত কেন্দ্ৰক প্ৰতিনিধিত্ব কৰি ন্যায়ালয়ত উপস্থিত হোৱা দেশৰ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই সমলিংগ বিবাহৰ বিৰোধিতা কৰে ৷ এই পি আই এল দাখিল কৰিছে এল জি বি টি সম্প্ৰদায়ৰ চাৰিজন লোকে ৷ সংবিধানৰ ১৪নম্বৰ(আইনৰ দৃষ্টিত সকলো সমান), ২১(জীৱনৰ অধিকাৰ)আৰু ২৫(ধৰ্মৰ স্বাধীনতা) অনুচ্ছেদক আঙুলিয়াই আবেদনকাৰীসকলে সমলিংগ বিবাহক আইনী বৈধতা প্ৰদানৰ বাবে আৰ্জি পেচ কৰিছে ৷ তেওঁলোকৰ যুক্তি হ'ল যে সমলিংগ বিবাহ তেওঁলোকৰ জীৱনৰ মৌলিক অধিকাৰ ৷

তেওঁলোকে ইয়াকো কৈছে যে হিন্দু বিবাহ আইন, ১৯৫৫ত সমলিংগই হওক বা বিপৰীত লিংগই হওক কোনো ধৰণৰ বৈষম্য নকৰাকৈ বিবাহৰ অনুমতি প্ৰদান কৰিছে ৷ কিন্তু ছলিচিটৰ জেনেৰেল মেহতাই কয় যে হিন্দু বিবাহ আইনত সমলিংগ বিবাহৰ কোনো ধাৰণা নাই আৰু এনে বিবাহক এই আইনে স্বীকৃতি প্ৰদান কৰা নাই ৷ এই আইনত কেৱল পুৰুষৰ সৈতে নাৰীৰ বিবাহৰ কথা কোৱা হৈছে বুলি তেওঁ যুক্তি প্ৰদৰ্শন কৰে ৷ এয়া ভাৰতীয় পৰম্পৰাৰ পৰিপন্থী বুলিও তেওঁ কয়।

আনহতে, আবেদনকাৰীৰ হৈ অধিবক্তা ৰাঘৱ অৱস্তিয়ে কয় যে দেশত বহু সমলিংগ সম্পন্ন হৈছে, কিন্তু এনে বিবাহ পঞ্জীয়ন হোৱা নাই ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com