৪ অক্টোবৰত ইউ পি এছ চিৰ পৰীক্ষাঃ ন্যায়ালয়ক জনালে আয়োগে

ন্যায়ালয়ে কাইলৈৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ দিছে ৷
৪ অক্টোবৰত ইউ পি এছ চিৰ পৰীক্ষাঃ ন্যায়ালয়ক জনালে আয়োগে

ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ উদ্বেগজনক হাৰত বৃদ্ধি পাই থকা সত্বেও অহা ৪ অক্টোবৰত কেন্দ্ৰীয় লোকসেৱা আয়োগ (ইউ পি এছ চি)-এ অসামৰিক সেৱাৰ প্ৰাৰম্ভিক পৰীক্ষা অনুষ্ঠিত কৰিবলৈ যো-জা চলাইছে। সোমবাৰে এই কথা আয়োগে উচ্চতম ন্যায়ালয়ক অৱগত কৰে ৷ এইবাৰৰ ইউ পি এছ চিৰ অসামৰিক সেৱাত অৱতীৰ্ণ হ'বলৈ প্ৰায় ছয় লাখ ছাত্ৰ-ছাত্ৰীয়ে প্ৰস্তুতি চলাইছে। আয়োগে আজি ন্যায়ালয়ক অৱগত কৰে যে পৰীক্ষা পিছুৱাই দিয়া নহ'ব ৷ এই পৰীক্ষা স্থগিত ৰখাৰ আৰ্জিৰে দাখিল হোৱা এখন আবেদনৰ শুনানী আজি ন্যায়ালয়ে গ্ৰহণ কৰে ৷

এই শুনানী গ্ৰহণৰ সময়তে আয়োগৰ ফালৰ পৰা অৱগত কৰা হয় যে অসামৰিক সেৱাৰ প্ৰাৰম্ভিক পৰীক্ষা অহা চাৰি অক্টোবৰত অনুষ্ঠিত হ'ব আৰু পৰীক্ষা দিয়া নহ'ব ৷ ন্যায়ালয়ে কাইলৈৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ দিছে ৷

উল্লেখ্য যে ক'ৰ'না মহামাৰীজনিত পৰিস্থিতি আৰু বানক দোহাই ২০জন প্ৰাৰ্থীয়ে ইউ পি এছ চিৰ এই পৰীক্ষা দুই-তিনি মাহৰ বাবে স্থগিত ৰাখিবলৈ ন্যায়ালয়ক আবেদন জনাইছে। তেওঁঁলোকৰ যুক্তি হ'ল যে ইউ পি এছ চিৰ পৰীক্ষা কোনো শিক্ষানুষ্ঠানৰ পৰীক্ষাৰ লেখীয়া নহয় ৷ 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com