প্ৰধানমন্ত্ৰীৰ কিষাণ সন্মান নিধিত অনিয়ম! চি বি আই তদন্ত দাবী কংগ্ৰেছৰ

উত্থাপিত অভিযোগৰ চি বি আইৰ তদন্ত দাবী কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে।
প্ৰধানমন্ত্ৰীৰ কিষাণ সন্মান নিধিত অনিয়ম! চি বি আই তদন্ত দাবী  কংগ্ৰেছৰ

প্ৰধানমন্ত্ৰীৰ কিষাণ সন্মান নিধিত অনিয়মৰ অভিযোগঃ চি বি আই তদন্ত দাবী প্ৰদেশ কংগ্ৰেছৰ

দৰিদ্ৰ কৃষকৰ কল্যাণাৰ্থে ৰূপায়িত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিত অনিয়মৰ অভিযোগ উত্থাপন কৰি চি বি আইৰ তদন্ত দাবী কৰিছে প্ৰদেশ কংগ্ৰেছে ৷ এই অভিলাসী আঁচনি ৰূপায়নত ৰাজ্যত বিয়াগোম কেলেংকাৰি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি প্ৰধান কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে ৷ এই পত্ৰৰ জৰিয়তে উত্থাপিত অভিযোগৰ চি বি আইৰ তদন্ত দাবী কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে ৷ পত্ৰখনত বৰাই উল্লেখ কৰিছে যে এই আঁচনি ৰূপায়নত অসমত বিয়াগোম কেলেংকাৰি সংঘটিত হৈছে । ইয়াৰ তেওঁ চি বি আইৰ তদন্ত দাবী কৰিছে ।উক্ত আঁচনিৰ জৰিয়তে আৰম্ভণীতে ৰাজ্যত ৩১লাখ কৃষকক উপকৃত কৰাৰ লক্ষ্য লোৱা হৈছিল ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই অভিযোগ কৰা অনুসৰি এই আঁচনিৰ হিতাধিকাৰীৰ তালিকাত বহু ব্যৱসায়ী, চৰকাৰী চাকৰিয়াল আৰু আৰ্থিকভাবে টনকিয়াল লোকে স্থান লাভ কৰিছে ৷ আনকি বহু ক্ষেত্ৰত একেটা পৰিয়ালৰ পাঁচজন পৰ্যন্ত সদস্যক হিতাধিকাৰী বাছনি কৰা হৈছে বুলিও প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে অভিযোগ উত্থাপন কৰিছে ৷ বৰাই লগতে অভিযোগ কৰা অনুসৰি একাংশ পঞ্চায়ত প্ৰতিনিধিয়ে নিজকে হিতাধিকাৰীৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিছে ৷ বৰাই অভিযোগ কৰা অনুসৰি কেৱল মৰিগাঁও জিলাতে এই আঁচনিৰ ২২হেজাৰ ভুৱা আৰু অযোগ্য হিতাধিকাৰী আছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com