ক'ৰ'না মহামাৰীঃ মৃত্যুৰ সংখ্যা বৃদ্ধি গুজৰাট-ৰাজস্থানত

গুজৰাট-ৰাজস্থানত ভয়ংকৰভাবে বৃদ্ধি পাইছে ক’ৱিড-১৯মহামাৰীত মৃতৰ সংখ্যা। একেদৰে পঞ্জাৱতো উদ্বেগজনক হাৰত বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা।
ক'ৰ'না মহামাৰীঃ মৃত্যুৰ সংখ্যা বৃদ্ধি গুজৰাট-ৰাজস্থানত

গুজৰাট-ৰাজস্থানত ভয়ংকৰভাবে বৃদ্ধি পাইছে ক'ৱিড-১৯মহামাৰীত মৃতৰ সংখ্যা। একেদৰে পঞ্জাৱতো উদ্বেগজনক হাৰত বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ শেহতীয়া তথ্য অনুসৰি বিগত দুদিনত সমগ্ৰ দেশত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ১৪ শতাংশ বৃদ্ধি হৈ ৪০,২৬৩ জন হৈছে। এয়া হৈছে ইয়াৰ আগৰ ৪৮ ঘণ্টাৰ তুলনাত যোৱা ৪৮ ঘণ্টাত অধিক বৃদ্ধি। যোৱা ৪৮ ঘণ্টাত দেশত মুঠ ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৩৫,৩৬৫ জন আছিল। আনহাতে, দেশৰ ভিতৰত মহাৰাষ্ট্ৰ আৰু গুজৰাটত অধিক লোক এই মহামাৰীত আক্ৰান্ত হৈছে। তদুপৰি এই দুখন ৰাজ্যত ক'ৰ'নাত অধিকসংখ্যক লোক মৃত্যুমুখত পৰিছে। অৱশ্যে পশ্চিমৰ দেশসমূহৰ তুলনাত ভাৰত আৰু এছিয়াৰ দেশসমূহত ক'ৰ'নাত মৃতৰ হাৰ কম।দেওবাৰে সন্ধিয়ালৈকে মহাৰাষ্ট্ৰত এই মহামাৰীত আক্ৰান্তৰ সংখ্যা ৯, ৭৭৫ জন হয়। তাৰ পাছতে সৰ্বাধিকসংখ্যক লোক আক্ৰান্ত হৈছে গুজৰাটত। গুজৰাটত আক্ৰান্তৰ সংখ্যা কালি সন্ধিয়ালৈ ৩, ৮৯৭জন হয়। গুজৰাটৰ পাছতে দিল্লীত ২, ৮০২জন আক্ৰান্ত হৈছে। এই মহামাৰীত আক্ৰান্ত আৰু মৃতৰ দিশৰ পৰা দেশৰ চতুৰ্থ স্থানৰ ৰাজ্য হল মধ্য প্ৰদেশ । উত্তৰ প্ৰদেশতো ১,৮৮৫ জন লোক ক'ৰ'নাত আক্ৰান্ত হৈছে। শেহতীয়া তথ্য অনুসৰি পুনে, আহমেদাবাদ, ছুৰাট, চণ্ডীগড় আদিৰ পৰিস্থিত অধিক শোচনীয়।ৰাজস্থানত এটি ২০দিনীয়া শিশুৱেও এই মহামাৰীত প্ৰাণ হেৰুৱাইছে। ৰাজস্থানৰ জয়পুৰত ক'ৰ'নাত আক্ৰান্ত হৈ মৃত্যু হয় কন্যা শিশুটিৰ । উল্লেখ্য যে সমগ্ৰ বিশ্বৰ এইটোৱে প্ৰথম ঘটনা য'ত এটি কম-বয়সীয়া শিশুৰ মৃত্যু হৈছে।

জানিব পৰা মতে, জয়পুৰৰ গাংগুৰী হাস্পাতালত শিশুটিৰ জন্ম হৈছিল । তাৰ পিছতেই শিশুটিক ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত ।

অৱশেষত শনিবাৰে মৃত্যুক সাবটি ল'বলগীয়া হয় দুৰ্ভগীয়া শিশুটিয়ে ।

ইপিনে, দেশত আজিৰে পৰা আৰম্ভ হৈছে তৃতীয় পৰ্যায়ৰ লকডাউন । দেশত ক'ৰ'না ভাইৰাছৰ শৃংখলা ভংগ কৰাৰ উদ্দেশ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশত আৰোপ কৰা ৪০ দিনীয়া লক-ডাউনৰ পিছত আকৌ অহা ১৭ মে'লৈ ঘোষণা কৰা হৈছে তৃতীয় পৰ্যায়ৰ লকডাউন ‌। অৱশ্যে অসম চৰকাৰে কিছু শিথিলতা ঘোষণা কৰিছে। ৰাজ্যৰ অধিকাংশ জিলা ক'ৱিড-১৯ৰ গ্ৰীণ মণ্ডল হোৱাৰ পৰিপ্ৰেক্ষিতত আজি সোমবাৰৰ পৰা কিছু পৰিমাণে শিথিল কৰা হৈছে লকডাউন। অৱশ্যে ৰাজ্যৰ কিছুসংখ্যক জিলা যেনে‌ মৰিগাঁও, বঙাইগাঁও, ধুবুৰী আৰু গোৱালপাৰাত এই শিথিলতা নাথাকিব । কাৰণ এই জিলা কেইখনত কৰনা আক্ৰান্ত আছে। স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যত লক-ডাউন শিথিল কৰাৰ উদ্দেশ্যে হ'ল ৰাজ্যত আৰ্থিক কাম-কাজ পুনৰ আৰম্ভ কৰা যাতে ক'ৱিড-১৯-এ কৰা ক্ষতি ৰোধ কৰিব পৰা যায়।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com