ক'ৱিড-১৯ৰ বিৰুদ্ধে যুঁজঃ অসমত ৫৯৫ আই চি ইউ বিছনা-৩৯৮ভেণ্টিলেটৰ সাজু

অসমত প্ৰায় ২৬,৬২১জন ব্যক্তিক গণ কোৱাৰেণ্টিনত ৰাখিব পৰা হ’ব ৷
ক'ৱিড-১৯ৰ বিৰুদ্ধে যুঁজঃ অসমত ৫৯৫ আই চি ইউ বিছনা-৩৯৮ভেণ্টিলেটৰ সাজু

ক'ৱিড-১৯ৰ বিৰুদ্ধে যুঁজঃ অসমত ৫৯৫ আই চি ইউ বিছনা-৩৯৮ভেণ্টিলেটৰ সাজু

ক্ৰমাৎ অসমতো জটিল ৰূপ ধাৰণ কৰা ক'ৱিড-১৯ৰ মহামাৰীৰ বিৰুদ্ধে যুঁজৰ বাবে ইতিমধ্যে অসম চৰকাৰ সাজু হৈছে ৷ এই মহামাৰীবিৰোধী প্ৰস্ততিৰ অংশৰূপে অসম চৰকাৰে বিভিন্ন চৰকাৰী-বেচৰকাৰী চিকিৎসালয়ত ৫৯৫খন জৰুৰীকালীন কক্ষ(আই চি ইউ)-ৰ বিছনা আৰু ৩৯৮টা ভেণ্টিলেটৰ সাজু কৰি ৰাখিছে ৷ আনহাতে, ৰাজ্য চৰকাৰে শেহতীয়াভাবে প্ৰকাশ কৰা তথ্য অনুসৰি অসমত প্ৰায় ২৬,৬২১জন ব্যক্তিক গণ কোৱাৰেণ্টিনত ৰাখিব পৰা হ'ব ৷ তদুপৰি গুৰুতৰভাবে অসুস্থ ৩, ৩৩৮জন পৰ্যন্ত ব্যক্তিক চিকিৎসাৰ বাবে আছুতীয়া বিছনা (আইছ'লেচন বেড)ৰ ব্যৱস্থা কৰি ৰাখিছে ৰাজ্য চৰকাৰে ৷ ইপিন, ক'ৰ'না প্ৰাদুৰ্ভাৱ ঘটাৰ সময়ৰে পৰা ৩৭, ১৬৪জন যাত্ৰীৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে ৷ তদুপৰি বাগসা জিলাৰ দৰংগা, দক্ষিণ শালমাৰৰ মানকাচৰ আৰু কৰিমগঞ্জৰ সুতাৰকান্দিত ৪১, ৪১৪জন ব্যক্তিৰ স্বাস্থ্য পৰীক্ষাৰ সম্পন্ন কৰা হয় ৷ ইপিনে, অসমত এই পৰ্যন্ত ২৬৬জন ক'ৰ'না আক্ৰান্ত চিনাক্ত কৰা হৈছে ৷ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি আজি নতুনকৈ সাতজন লোকৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰে ৷ আটাইকেইজন সৰুসজাই কোৱাৰেণ্টিন চেণ্টাৰত আছে ৷ইয়াৰে ছজন হোজাইৰ আৰু এজন ধুবুৰীৰ।ইয়াৰ পূৰ্বে অসমত নিয়োজিত ছজন চি আৰ পি জোৱান ক'ৰ'না পজিটিভ চিনাক্ত হয়। সম্প্ৰতি ৰাজ্যত শৰীৰত ক'ৰ'না ভাইৰাছ সক্ৰিয় হৈ থকা লোকৰ সংখ্যা ২০৫ জনলৈ বৃদ্ধি পাইছে ।৪৮জনে সুস্থ হৈ চিকিৎসালয়ৰ পৰা ঘৰলৈ গৈছে ৷ অৱশ্যে চাৰিজন মৃত্যুমুখত পৰিছে।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com