ক'ৰ'নাঃ মাথোঁ এদিনতে কামৰূপ (মহানগৰী)ত প্ৰায় এহেজাৰ পজিটিভ চিনাক্ত

শেহতীয়াভাবে ৰাজ্যত ক’ৰ’নাৰ নমুনা পৰীক্ষাৰ সংখ্যাও বৃদ্ধি পাইছে ৷
ক'ৰ'নাঃ মাথোঁ এদিনতে কামৰূপ (মহানগৰী)ত প্ৰায় এহেজাৰ পজিটিভ চিনাক্ত

ধাৰাবাহিক তলাবন্ধ আৰু কাৰ্ফিউ সত্বেও অসমত উদ্বেগজনক হাৰত বৃদ্ধি পাই আছে ক'ৱিড-১৯পজিটিভৰ সংখ্যা। বুধবাৰৰ দিনটোতে সমগ্ৰ ৰাজ্যত ৩, ৫৫৫জন ক'ৰ'না আক্ৰান্ত চিনাক্ত কৰা হয়। ইয়াৰে ৯২৪জন কামৰূপ মহানগৰ জিলাৰ ৷ ৰাজ্যত ক'ৰ'না আক্ৰান্তৰ সংখ্যা বৃদ্ধিয়ে ৭.৪৪শতাংশক স্পৰ্শ কৰিছে ৷ উল্লেখ্য যে শেহতীয়াভাবে ৰাজ্যত ক'ৰ'নাৰ নমুনা পৰীক্ষাৰ সংখ্যাও বৃদ্ধি পাইছে ৷

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূৰ্বে মন্তব্য কৰিছিল যে ক'ৰ'না নমুনা পৰীক্ষাৰ সংখ্যা বৃদ্ধি কৰা হৈছে৷  অৱশ্যে কালি ৪৭হেজাৰতকৈ কিছু বেছি পৰীক্ষা কৰা হয় ৷ ইয়াৰ কাৰণ কিটৰ অভাৱ বুলি মন্ত্ৰী শৰ্মাই সদৰী কৰিছে ৷ ইয়াৰ পূৰ্বে যোৱা ১২আগষ্টত চাৰি হেজাৰৰো অধিক ক'ৰ'না পজিটিভ ধৰা পৰে ৷ উক্ত দিনা সমগ্ৰ ৰাজ্যত ৪.৪৩লাখ পৰীক্ষা সম্পন্ন কৰা হয় বুলি মন্ত্ৰীজনে সদৰী কৰিছিল ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com