ক'ৱিড-১৯ঃ আন-ল'কৰ সময়ত অসাৱধানতাৰ বাবে দেশবাসীক ভৰ্ৎসনা মোদীৰ

আন দেশসমূহৰ তুলনাত ভাৰতত ক’ৰ’না মহামাৰীজনিত পৰিস্থিতি উন্নত বুলি মন্তব্য কৰে মোদীয়ে
ক'ৱিড-১৯ঃ আন-ল'কৰ সময়ত অসাৱধানতাৰ বাবে দেশবাসীক ভৰ্ৎসনা মোদীৰ

ক'ৱিড-১৯প্ৰতিৰোধৰ বাবে ঘোষণা কৰা তলাবন্ধ পৰৱৰ্তী সময়ত কিছু শিথিল কৰি দিয়ে চৰকাৰে ।এই শিথিলতাৰ সময়ত ক'ৰ'না আক্ৰান্তৰ সংখ্যা বৃদ্ধি পায় ৷ একাংশ লোকৰ অসাৱধানতাৰ বাবে এয়া হ'বলৈ পালে বুলি মন্তব্য কৰি এনে অসাৱধান লোকসকলক আজি ভৰ্ৎসনা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ আজি প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীক উদ্দেশ্যি পুনৰ ভাষণ দিয়ে ৷ এই ভাষণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে অসাৱধান দেশবাসীক ভৰ্ৎসনা কৰে ৷ আন দেশসমূহৰ তুলনাত ভাৰতত ক'ৰ'না মহামাৰীজনিত পৰিস্থিতি উন্নত বুলি মন্তব্য কৰি মোদীয়ে ভাষণত লগতে কয়, " সময়মতে ল'কডাউন আৰোপ আৰু অন্যান্য পদক্ষেপ গ্ৰহণ কৰাৰ ফলত দেশত লাখ লাখ লোকৰ প্ৰাণৰক্ষা পৰিল ৷ কিন্তু যেতিয়া আনল'ক আৰম্ভ হ'ল , তেতিয়া ব্যক্তিগত জীৱন আৰু সামাজিক জীৱন দুয়োটাৰ ক্ষেত্ৰতে কিছু অসাৱধানতা পৰিলক্ষিত হ'ল । আগতে আমি সামাজিক দূৰত্ব বজাই ৰখাৰ ক্ষেত্ৰতে হওক বা হাত ধোৱাৰ ক্ষেত্ৰতে হওক , অত্যন্ত সজাগ আছিলো । কিন্তু যি সময়ত আমি অধিক সতৰ্ক হ'ব লাগিছিল, সেই সময়ত আমি অসাৱধান হৈ পৰিলো ৷ ই গভীৰ উদ্বেগৰ বিষয় হৈ পৰিছে ৷"

মোদীয়ে লগতে কয় যে সকলোৱে বিশেষকৈ কণ্টেইনমেণ্ট জ'নৰ বাসিন্দাসকলে অধিক সতৰ্কতা অৱলম্বন কৰা উচিত ৷ যিসকল ব্যক্তিয়ে নীতি-নিয়ম মানি চলিব নিবিচাৰে তেওঁলোকক ভৰ্ৎসনা কৰা উচিত আৰু বুজোৱা উচিত বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে । নীতি-নিয়ম ভংগকাৰীৰ বিৰুদ্ধে সংশ্লিষ্ট জিলা প্ৰশাসন কঠোৰ হোৱা উচিত বুলি উল্লেখ কৰি তেওঁ আৰু কয়, " বুলগেৰিয়াত মাস্ক পৰিধান নকৰা লোকক ১৩হেজাৰ টকাৰ জৰিমনা বিহা হৈছে ।ভাৰততো জিলা প্ৰশাসনসমূহে এনে ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজন হৈছে ৷ ভাৰতত গাঁৱৰ গাঁওবুঢ়াই হওক বা প্ৰধানমন্ত্ৰীয়েই হওক, কোনোৱেই আইনৰ উৰ্ধত নহয় ৷"

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com