আয়কৰ পৰিশোধৰ শেষ সময় ৩০নৱেম্বৰলৈ বৃদ্ধি, বিত্তমন্ত্ৰীৰ ঘোষণা

সংকটৰে যুঁজ দি থকা এম এছ এম ইসমূহক ২০কোটিৰ ঋণ প্ৰদানৰ আঁচনি চৰকাৰে লৈছে
আয়কৰ পৰিশোধৰ শেষ সময় ৩০নৱেম্বৰলৈ বৃদ্ধি, বিত্তমন্ত্ৰীৰ ঘোষণা

আয়কৰ পৰিশোধৰ শেষ সময় ৩০নৱেম্বৰলৈ বৃদ্ধি, বিত্তমন্ত্ৰীৰ ঘোষণা 

ক'ৰ'না মহামাৰীৰ পৰিপ্ৰেক্ষিতত দেশত ২০১৯-২০ৰ আয়কৰ পৰিশোধৰ শেষ সময় অহা ৩০নৱেম্বৰলৈ বৃদ্ধি কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ পূৰ্বে ইয়াৰ শেষ সময় ৩১জুলাই আছিল ৷ দেশৰ আয়কৰদাতাসকলক এক বৃহৎ সকাহ প্ৰদান কৰি আজি কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে এই কথা ঘোষণা কৰে ৷ আজি বিয়লি চাৰি বজাত বিত্তমন্ত্ৰীগৰাকীয়ে এখন সংবাদমেল সম্বোধন কৰে ৷ এই সংবাদমেলৰ জৰিয়তে তেওঁ যোৱা নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক'ৰ'না সংকটৰ বাবে ঘোষণা কৰা ২০লাখ কোটি টকাৰ আৰ্থিক পেকেজৰ সবিশেষ বাখ্যা কৰে ৷ এই বাখ্যাৰ সময়ত বিত্ত মন্ত্ৰীগৰাকীয়ে লগতে কয় যে উৎসত কৰ কৰ্তন(টি ডি এছ) আৰু উৎসত কৰ সংগ্ৰহত ৫০হেজাৰ কোটি টকাৰ তাৰল্য প্ৰদান কৰা হ'ব ৷ ইয়াৰ জৰিয়তে কৰদাতাৰ হাতত অধিক পুঁজি যোগানৰ লক্ষ্য লৈছে কেন্দ্ৰীয় চৰকাৰে ৷ ইয়াৰ সুবিধা ঠিকাৰ ধন আদায়, পেচা কৰ, সুত, ভাড়া, লভ্যাংশ আদিত প্ৰদান কৰা হ'ব ৷ "অৰ্থনীতিক সবলীকৰণৰ উদ্দেশ্যে এনে পদক্ষেপসমূহ গ্ৰহণ কৰা হৈছে", বিত্ত মন্ত্ৰীয়ে এনেদৰে কয় ৷ তেওঁ লগতে এম এছ এম ইসমূহক বন্ধকী অবিহনে তিনি লাখ কোটি টকাৰ ঋণ প্ৰদানৰ কথাও ঘোষণা কৰিছে ৷ তদুপৰি সংকটৰে যুঁজ দি থকা এম এছ এম ইসমূহক ২০কোটিৰ ঋণ প্ৰদানৰ আঁচনি চৰকাৰে লৈছে বুলি সদৰী কৰি কয় যে এই ব্যৱস্থাই এম এছ এম ইখণ্ডৰ কমেও দুই লাখ ব্যৱসায়ক লাভান্বিত কৰিব ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com