ক'ৱিড-১৯ পজিটিভ হ'ল কামৰূপ মহানগৰৰ উপায়ুক্ত

অৱশ্যে তেওঁৰ শৰীৰত ক’ৰ’নাত আক্ৰান্ত হোৱাৰ লক্ষণ ফুটি উঠা নাই বুলি উপায়ুক্ত পেগুৱে জনায়।
ক'ৱিড-১৯ পজিটিভ হ'ল কামৰূপ মহানগৰৰ উপায়ুক্ত

ক'ৱিড-১৯ পজিটিভ হৈছে কামৰূপ মহানগৰৰ উপায়ুক্ত বিশ্বজিত পেগু। প্ৰাপ্ত তথ্য অনুসৰি আজি সোমবাৰে উপায়ুক্ত পেগুৰ ক'ৰ'নাৰ নমুনা পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ পায়। এই প্ৰতিবেদনত তেওঁৰ শৰীৰত মহামাৰী সৃষ্টিকাৰী ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰে।

এই কথা সদৰী কৰি উপায়ুক্তগৰাকীয়ে দ্যা ছেণ্টিনেল ডিজিটেলক কয় যে সোমবাৰে পিছবেলা হাস্পতালত ভৰ্তি হৈছে আৰু তেওঁৰ শৰীৰত ক'ৰ'না ভাইৰাছ ধৰা পৰিছে। অৱশ্যে তেওঁৰ শৰীৰত ক'ৰ'নাত আক্ৰান্ত হোৱাৰ লক্ষণ ফুটি উঠা নাই বুলি উপায়ুক্ত পেগুৱে জনায়।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com