কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ ঘোষণাঃ সলনি হ'ল ক্ষুদ্ৰ, অতি ক্ষুদ্ৰ উদ্যোগৰ সংজ্ঞা

MSMEৰ বাবে ৫০ হাজাৰ কোটি টকা ইকুইটি ইনফিউজন কৰাৰ কথাও
কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ ঘোষণাঃ সলনি হ'ল ক্ষুদ্ৰ, অতি ক্ষুদ্ৰ উদ্যোগৰ সংজ্ঞা

কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ ঘোষণাঃ সলনি হ'ল ক্ষুদ্ৰ, অতি ক্ষুদ্ৰৰ উদ্যোগৰ সংজ্ঞা

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কালি বিয়লিৰ সংবাদমেলত MSME অৰ্থাৎ ক্ষুদ্ৰ, অতি ক্ষুদ্ৰ আৰু মধ্যমীয়া উদ্যোগৰ সংজ্ঞা সলনি কৰাৰ কথা ঘোষণা কৰে। সেই অনুসৰি ১ কোটি মূলধন আৰু ১০ কোটিৰ টাৰ্ন অভাৰ হোৱা উদ্যোগসমূহক অতি ক্ষুদ্ৰ, ১০ কোটিৰ মূলধন আৰু ৫০ কোটিৰ টাৰ্ন অভাৰ হোৱা উদ্যেগসমূহক ক্ষুদ্ৰ আৰু ২০ কোটিৰ মূলধন তথা ১০০ কোটিৰ টাৰ্ন অভাৰ হোৱা উদ্যোগসমূহক মধ্যমীয়া উদ্যোগ হিচাপে ধৰা হ'ব।

উল্লেখ্য যে  পূৰ্বে নিৰ্মাণ খণ্ডত ২৫ লাখৰ মূলধন আৰু সেৱা খণ্ডত ১০ লাখ টকাৰ মূলধন বিনিয়োগ কৰা উদ্যোগক অতি ক্ষুদ্ৰ, ৫ কোটি আৰু ২ কোটি বিনিয়োগ কৰা উদ্যেগক ক্ষুদ্ৰ উদ্যোগ হিচাপে ধৰা হৈছিল। একেদৰে মধ্যমীায়া উদ্যোগৰ ক্ষেত্ৰত নিৰ্মাণ খণ্ডত ১০ কোটি আৰু সেৱা খণ্ডত ৫ কোটি বিনিয়োগ কৰা উদ্যোগে লাভ কৰিছিল মজলীয়া উদ্যোগৰ মৰ্যাদা।

ইপিএফক লৈ ঘোষণা

সংবাদমেলত বিত্তমন্ত্ৰী সীতাৰমণে কয় যে অহা আগষ্টলৈকে চৰকাৰে কোম্পানী আৰু কৰ্মচাৰীসকলৰ ই পি এফ  প্ৰদান কৰিব।  ফলত উপকৃত হ'ব কমেও ৭৫ লাখ ২২ হাজাৰ কৰ্মচাৰী। চৰকাৰৰ এই ঘোষণা এনে  কোম্পানীয়ে লাভ কৰিব যিসমূহ কোম্পানীৰ ১০০ জনতকৈ কম কৰ্মচাৰী আছে আৰু ৯০ শতাংশ কৰ্মচাৰীৰ দৰমহা ১৫০০০ টকাতকৈ কম।

ইয়াৰ লগতে বৃহৎ কোম্পানীসমূহৰ বাবে EPFৰ পৰিমাণ ১২-১২ শতাংশৰ পৰিৱৰ্তে ১০-১০ কৰা হৈছে। অৱশ্যে কেন্দ্ৰীয় আৰু ৰাজহুৱা খণ্ডৰ বাবে এয়া ১২ শতাংশই হৈ থাকিব। চৰকাৰৰ এই পদক্ষেপৰ ফলত EPFOৰ অন্তৰ্গত লোকসকলৰ মাজলৈ ৬৭৫০ কোটি টকা সৰহকৈ আহিব।

আনহাতে, NBFC অৰ্থাৎ নন বেংকিং ফাইনেন্স কোম্পানী, মাইক্ৰ' ফাইনেন্স কোম্পানীৰ বাবে ৩০,০০০ কোটিৰ বিশেষ লিকুইডিটি আঁচনিৰ ব্যৱস্থা কৰিছে চৰকাৰে। NBFCৰ বাবে ইতিপূৰ্বে ঘোষণা কৰা ৪৫ কোটিৰ আঁচনিৰো বিস্তাৰ কৰা হ'ব বুলিও জনায় সীতাৰমণে। আংশিক ঋণ গেৰাণ্টি আঁচনিকো নতুন মাত্ৰা প্ৰদান কৰাৰ ফলত কম ৰেটিঙৰ NBFC সমূহেও ঋণ লাভ কৰিবলৈ সমৰ্থ হ'ব।

বিত্তমন্ত্ৰীগৰাকীয়ে আজিৰ সংবাদমেলত বিজুলী বিতৰণ কোম্পানীসমূহকো সহায় কৰাৰ কথা ঘোষণা কৰে। এই কোম্পানীসমূহক সহায়ৰ বাবে চৰকাৰে প্ৰদান কৰিব ৯০ হাজাৰ কোটিৰ জৰুৰীকালীন লিকুইডিটি। একেদৰে ৰিয়েল ইষ্টেট কোম্পানীসমূহৰ বাবেও নতুন নিয়ম যুগুত কৰি সকলো প্ৰকল্প সম্পূৰ্ণ কৰিবলৈ পূৰ্বতকৈ ৬ মাহ অধিক সময় প্ৰদান কৰা হ'ব। ৰেলৱে, ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ, গড়কাপ্তানীকে আদি কৰি একাধিক ক্ষেত্ৰৰ সৈতে জড়িত ঠিকাদাৰসকলকো ৬ মাহৰ অতিৰিক্ত সময় প্ৰদানৰ কথা সদৰী কৰে বিত্তমন্ত্ৰীগৰাকীয়ে।

আয়কৰ প্ৰদান কৰা লোকসকলকো সকাহ প্ৰদানৰ চেষ্টা চলাইছে চৰকাৰে। কৰ'না কালত আয়কৰ ৰিটাৰ্নৰ সময় ৩০ নৱেম্বৰলৈ বৃদ্ধি কৰা হৈছে। 'বিবাদ নিষ্পত্তি আৰু বিশ্বাস' আঁচনিৰ সময়সীমাও ৩০ জুনৰ পৰিৱৰ্তে ৩১ ডিচেম্বৰলৈকে বঢ়াই দিয়া হৈছে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com