দৰমহা-ভাট্টা নোলোৱা ৰাজ্যসভাৰ একমাত্ৰ সাংসদ ৰঞ্জন গগৈ

চলিত বৰ্ষৰ জুলাইত ৰাজ্যসভাৰ ২২৬জন সাংসদক দৰমহাৰূপে ২,৯৯,১৮,০০০টকা আদায় দিয়া হয়।
দৰমহা-ভাট্টা নোলোৱা ৰাজ্যসভাৰ একমাত্ৰ সাংসদ ৰঞ্জন গগৈ

দৰমহা আৰু অন্যান্য ভাট্টা গ্ৰহণ নকৰা ৰাজ্যসভাৰ এগৰাকী সাংসদ আছে ৷ এই সাংসদগৰাকী হৈছে দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ তথা অসম সন্তান ৰঞ্জন গগৈ৷ উল্লেখ্য যে গগৈ আছিল দেশৰ মুখ্য ন্যায়াধীশৰ পদবীত অধিষ্ঠিত হোৱা উত্তৰ-পূবৰ প্ৰথমগৰাকী সন্তান । অৱসৰ গ্ৰহণৰ পাছত তেওঁক চলিত বৰ্ষৰ মাৰ্চত ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভাৰ সাংসদৰূপে মনোনীত কৰে ৷ কিন্তু তেওঁ সাংসদৰূপে লাভ কৰা দৰমহা আৰু অন্যান্য ভাট্টা গ্ৰহণ কৰা নাই। এই তথ্য ৰাজ্যসভাৰ সচিবালয়ে প্ৰকাশ কৰিছে ৷ "ইণ্ডিয়া টুডে" আলোচনীয়ে আৰ টি আই আইনৰ অধীনত কৰা এখন আবেদনৰ উত্তৰত ৰাজ্যসভাৰ সচিবালয়ে এই তথ্য প্ৰকাশ কৰিছে ৷

গগৈয়ে মাথোঁ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশৰূপে লাভ কৰা ৮৪ হেজাৰ টকাৰ পেঞ্চন গ্ৰহণ কৰি আছে ৷ এই সম্পৰ্কত তেওঁ কয় যে তেওঁ মাথোঁ অৱসৰকালীন পেঞ্চনহে গ্ৰহণ কৰি আছে ৷ উল্লেখ্য যে প্ৰাক্তন মুখ্য ন্যায়াধীশ গগৈ অসমৰ আসন বিধানসভা নিৰ্বাচনৰ বিজেপিৰ মুখ্যমন্ত্ৰী প্ৰাৰ্থী হ'ব বুলি ব্যাপক চৰ্চা চলি আছে ৷

আৰ টি আই আবেদনখনৰ উত্তৰত ৰাজ্যসভাৰ সচিবালয়ে লগতে প্ৰকাশ কৰা অনুসৰি চলিত বৰ্ষৰ জুলাইত ৰাজ্যসভাৰ ২২৬জন সাংসদক দৰমহাৰূপে ২,৯৯,১৮,০০০টকা আদায় দিয়া হয়। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com