প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণব মুখাৰ্জীৰ বিয়োগ, এক বৰ্ণময় জীৱনৰ অৱসান

দিল্লীৰ সামৰিক হাস্পতালত তেওঁ চিকিৎসাধীন হৈ আছিল ৷
প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণব মুখাৰ্জীৰ বিয়োগ, এক বৰ্ণময় জীৱনৰ অৱসান

এক বৰ্ণময় জীৱনৰ অৱসান ঘটিল ৷ বিগত কিছুদিন ধৰি অসুস্থ হৈ থকা দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণব মুখাৰ্জীৰ বিয়োগ ঘটিছে ৷ দিল্লীৰ সামৰিক হাস্পতালত তেওঁ চিকিৎসাধীন হৈ আছিল ৷ আজি বিয়লি তাতে তেওঁৰ চিকিৎসাধীন অৱস্থাত বিয়োগ ঘটে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৪বছৰ ৷

প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকী ক'ৰ'নাতো হৈছিল ৷ কিছুদিন পূৰ্বে তেওঁ বাগৰি পৰি মূৰত প্ৰচণ্ড আঘাত পায় ৷ সামৰিক হাস্পতালত তেওঁৰ মস্তিষ্কৰ অস্ত্ৰোপচাৰ কৰা হয় যদিও যোৱা কিছুদিনৰ পৰা তেওঁৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটে ৷ চিকিৎসকৰ নেৰানেপেৰা চেষ্টা সত্বেও আজি বিয়লি তেওঁৰ বিয়োগ ঘটে ৷ তেওঁ ত্ৰয়োদশ ৰাষ্ট্ৰপতি আছিল। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com