এইবাৰ কংগ্ৰেছলৈ 'পেডেল মাৰি মাৰি'-ৰ গায়ক বাবু বৰুৱা

এক সূত্ৰৰ মতে, বাবুৱে অহা ২৫ আগষ্টত কংগ্ৰেছত যোগদান কৰিব।
এইবাৰ কংগ্ৰেছলৈ 'পেডেল মাৰি মাৰি'-ৰ গায়ক বাবু বৰুৱা

ৰাজ্যত ইজনৰ পাছত সিজন শিল্পী সক্ৰিয় ৰাজনীতিৰ সৈতে জড়িত হৈছে। প্ৰাপ্ত তথ্য অনুসৰি জনপ্ৰিয় গায়ক বাবু বৰুৱাই ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছত যোগদানৰ বাবে সাজু হৈছে। এক সূত্ৰৰ মতে, বাবুৱে অহা ২৫ আগষ্টত কংগ্ৰেছত যোগদান কৰিব। 'পেডেল মাৰি মাৰি..." শীৰ্ষক বিপুল জনপ্ৰিয় গীতৰ স্ৰষ্টা বাবুৰ এই সিদ্ধান্তই বিভিন্ন মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে। সামাজিক মাধ্যমত বাবুক লৈ হোৱা চৰ্চাই বিভিন্নজনৰ দৃষ্টি আকৰ্ষণ কৰিছে।

আনহাতে, কংগ্ৰেছত যোগদান সম্পৰ্কত জনপ্ৰিয় গায়কজনে সংবাদ মাধ্যমৰ আগত কয়, " মই নাগৰিকত্ব(সংশোধনী)আইনৰ বিৰোধিতা কৰিছিলো। কংগ্ৰেছেও এই আইনৰ বিৰোধিতা কৰিছিল। কংগ্ৰেছে মোক দলত যোগদানৰ এটা প্ৰস্তাৱ দিছে। অহা ২৫ আগষ্টত মই কংগ্ৰেছত যোগদানৰ কথা চিন্তা কৰিছো"। আনহাতে, কা-বিৰোধী আন্দোলনৰ সময়ত বিজেপি ত্যাগ কৰা যতীন বৰাই পুনৰ গেৰুৱা দললৈ ঘূৰি যাবলৈ উদ্যত হৈছে। ইতিমধ্যে ৰাজ্যৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী আশা বৰদলৈয়ে বিজেপিত যোগদান কৰিছে। তেৱোঁ কা—বিৰোধী আন্দোলনত অংশ লৈছিল।   

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com