গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৱেবছাইট হেক দুৰ্বৃত্তৰ

একাংশ ব্যক্তিয়ে বিশ্ববিদ্যালয়খনৰ ৱেবছাইটত আচহুৱা ঘটনা প্ৰত্যক্ষ কৰি কৰ্তৃপক্ষক অৱগত কৰাত ঘটনাটো পোহৰলৈ আহে।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৱেবছাইট হেক দুৰ্বৃত্তৰ

পুনৰ হেকাৰৰ কবলত পৰিল উত্তৰ-পূবৰ প্ৰথমখন বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৱেবছাইট। প্ৰাপ্ত তথ্য অনুসৰি দুৰ্বৃত্তই শুকুৰবাৰে বিশ্ববিদ্যালয়খনৰ বেৱছাইট www.gu.ac.in হেক কৰে। একাংশ ব্যক্তিয়ে বিশ্ববিদ্যালয়খনৰ ৱেবছাইটত আচহুৱা ঘটনা প্ৰত্যক্ষ কৰি বিশ্ববিদ্যালয় কৰ্তৃপক্ষক অৱগত কৰাত ঘটনাটো পোহৰলৈ আহে। হেকাৰে বিশ্ববিদ্যালয়ৰ উক্ত ৱেবছাইটত "FAKE FREE ADMISSION? WOW! YOU GUYS REALLY LOVE TO GET HACKED! DON'T YOU?" The message further quoted, "Let's talk about the matter? Straight to the point! What the f**k you guys are up to Guwahati University? Do you even know how much students are struggling for exam fees and admission?"শীৰ্ষক বাৰ্তা লিখি থৈ যায়। তদুপৰি Let us directly clue you guys (GU officials) in! This HACK is "NOT" for fun. শীৰ্ষক এষাৰী বাক্যও ৱেবছাইটটোত লিখে।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com