১৫ মে'ৰ পৰা জি এম চি এইচত পুনৰ আৰম্ভ হব সাধাৰণ সেৱাঃ মন্ত্ৰী শৰ্মা

জি এম চি এইচত অন্যান্য ৰোগীৰো চিকিত্সা আৰম্ভ হব
১৫ মে'ৰ পৰা জি এম চি এইচত পুনৰ আৰম্ভ হব সাধাৰণ সেৱাঃ  মন্ত্ৰী শৰ্মা

১৫ মে'ৰ পৰা জি এম চি এইচত পুনৰ আৰম্ভ হব সাধাৰণ সেৱাঃ হিমন্ত বিশ্ব শৰ্মা

অহা ১৫ মে'ৰ পৰা গুৱাহাটী চিকিত্সা মহাবিদ্যালয় হাস্পতালত পুনৰ আৰম্ভ হ'ব সাধাৰণ সেৱা। অৰ্থাত্ উক্ত দিনাৰ পৰা জি এম চি এইচত অন্যান্য ৰোগীৰো চিকিত্সা আৰম্ভ হব। এই কথা সদৰী কৰিছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য যে যোৱা সাত মে'ৰ নিশা জি এম চি হাস্পতালৰ এজন চিকিত্সকৰ শৰীৰত কৰ'না ভাইৰাছ ধৰ পৰে। ইয়াৰ পৰিপ্ৰেক্ষিতত হাস্পতালখনক কনটেইনমেণ্ট জ'ন ঘোষণা কৰা হয়।  নতুন ৰোগাৰ চিকিত্তসা বাতিল কৰা হ.। দুপৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক ডাঃ ৰমেন তালুকদাৰসহ ৯ গৰাকী চিকিৎসকক কোৱাৰেণ্টাইনলৈ প্ৰেৰণ কৰা হৈছে। গুৱাহাটীত যোৱা সাত মেৰ নিশা আন চাৰিজন ব্যক্তিৰ সৈতে জি এম চি এইচৰ এজন চিকিৎসকৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি নিশ্চিত কৰা হয়। উক্ত চিকিৎসকজন জি এম চি এইচৰ স্নাতকোত্তৰ বৰ্ষৰ ছাত্ৰ। ইয়াৰ পৰিপ্ৰেক্ষিতত আজি জি এম চি এইচ কৰ্তৃপক্ষই অধীক্ষক ৰমেন তালুকদাৰৰ সৈতে ৯জন চিকিৎসকক কুৱাৰেণ্টাইন কৰাৰ লগতে আক্ৰান্ত চিকিৎসকজনৰ সংস্পৰ্শলৈ অহা চিকিৎসক আৰু ৰোগীৰসকলৰ স্বাস্থ্য পৰীক্ষা আৰম্ভ কৰিছে। আক্ৰান্ত চিকিৎসকজনে জি এম চি এইছৰ নিউ কেবিনত চিকিৎসা সেৱা আগবঢ়াই আহিছিল। ইপিনে, চিকিৎসা মহাবিদ্যালয়খনৰ ১ আৰু ৫ নম্বৰ ছাত্ৰাবাস বন্ধ কৰি দিয়া হৈছে। ইয়াৰ পূৰ্বে জি এম চি এইচখন নতুন ৰোগীৰ বাবে বন্ধ কৰি দিয়া হ'ব বুলি টুইটাৰ যোগে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে। ভৰ্তি হৈ থকা পূৰ্বৰ ৰোগী সমূহকে উন্নত চিকিৎসা প্ৰদান কৰা হ'ব তথা স্বোৱাব চেম্পল সংগ্ৰহ কৰা হ'ব বুলিও তেওঁ লগতে জানিবলৈ দিছিল। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com