বি টি এ ডিত ৰাজ্যপালৰ শাসনক লৈ ক্ষুন্ন বি পি এফঃ নতুন ৰাজনৈতিক সমীকৰণৰ সম্ভাৱনা

বি টি এ ডিত ৰাজ্যপালৰ শাসনক লৈ ক্ষুন্ন বি পি এফঃ নতুন ৰাজনৈতিক সমীকৰণৰ সম্ভাৱনা

বি টি এ ডিত ৰাজ্যপালৰ শাসনক লৈ ক্ষুন্ন বি পি এফঃ নতুন ৰাজনৈতিক সমীকৰণৰ সম্ভাৱনা

বি টি এ ডিত ৰাজ্যপালৰ শাসন প্ৰৱৰ্তনক লৈ ক্ষুন্ন বি পি এফ অৱশেষত দ্বাৰস্থ হ'ল ন্যায়ালয়ৰ। টুইটাৰত এই কথা সদৰী কৰিছে দলৰ মুৰব্বী তথা বি টি চিৰ সদ্য প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে। মহিলাৰীয়ে ক্ষোভেৰে কয় যে ক'ৰ'না মহামাৰীৰ এই প্ৰকোপৰ সময়ত জনতাই জনপ্ৰতিনিধিক ওচৰত বিচাৰিছে যদিও অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে বি টি এ ডিক ৰাজ্যপালৰ শাসনৰ অধীনলৈ আনিলে। তাৰ পৰিৱৰ্তে তেওঁ বি টি চিৰ ম্যাদ বৃদ্ধিহে কৰিব লাগিছিল বুলি মহিলাৰীয়ে মন্তব্য কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত বি পি এফ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। ৰাজ্যৰ শাসকীয় মিত্ৰজোঁটৰ অন্যতম অংশীদাৰ বি পি এফৰ মুৰব্বীজনে লগতে কয়, " এই মহামাৰীৰ সময়ত আমাক ৰাইজে কাষত বিচাৰিছে। কিন্তু ৰাজ্যপালে বি টি এ ডিক নিজৰ শাসনৰ অধীনলৈ নিলে"। উল্লেখ্য যে ৰাজ্যিক নিৰ্বাচন আয়োগে পূৰ্বে ঘোষণা কৰা অনুসৰি যোৱা চাৰি এপ্ৰিলত বি টি চিৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল । কিন্তু ক'ৰ'না মহামাৰীৰ প্ৰাদুৰ্ভাব ঘটাৰ পৰিপ্ৰেক্ষিতত এই নিৰ্বাচন অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখা হয়। আনহাতে, যোৱা ২৭ এপ্ৰিলত বি টি চিৰ কাৰ্যকাল অন্ত পৰে। তাৰ পাছতে ৰাজ্যপালে বি টি এ ডিত ৰাজ্যপালৰ শাসন প্ৰৱৰ্তন কৰে। সম্প্ৰতি বি পি এফ মুৰব্বী মহিলাৰীয়ে ৰাজ্যপালৰ শাসনৰ বিৰোধিতা কৰাটোৱে এক নতুন ৰাজনৈতিক সমীকৰণ সৃষ্টিৰ সম্ভাৱনা প্ৰকট কৰিছে। অৱশ্যে বি পি এফে সমৰ্থন প্ৰত্যাহাৰ কৰিলেও ৰাজ্যৰ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ পতন ঘটাৰ সম্ভাৱনা নাই। আনহাতে, বিটিএডিত ৰাজ্যপালৰ শাসন প্ৰৱৰ্তন হোৱাৰ পিছত ইতিমধ্যে বিটিচিৰ কাৰ্যভাৰ গ্ৰহণ কৰিছে নৱনিযুক্ত মুখ্য সচিব সিদ্ধাৰ্থ সিং আৰু প্ৰশাসক ৰাজেশ প্ৰসাদে । বিটিচি সচিবালয়ৰ প্ৰেক্ষাগৃহত প্ৰতিটো বিভাগৰ মুৰব্বী বিষয়াৰ সৈতে যোৱা ৩০ এপ্ৰিলত এখন বৈঠকত অংশগ্ৰহণ কৰি বিটিচিৰ নৱনিযুক্ত মুখ্য সচিব সিং আৰু প্ৰশাসক প্ৰসাদে বিভাগীয় কাম-কাজৰ বুজ লয় । তদুপৰি যিসকল অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে বিটিচি সচিবালয়ত নতুনকৈ নিযুক্তি লাভ কৰিছে তথা আন চৰকাৰী কৰ্মচাৰীসকলৰ কামত যদিহে খুত পোৱা যায় তেনে কৰ্মচাৰীক ৰেহাই দিয়া নহ'ব বুলি সঁকিয়নি প্ৰদান কৰিছে মুখ্যসচিবে।

উল্লেখ্য যে বিটিচিত ৰাজ্যপাল শাসন প্ৰৱৰ্তন হোৱাৰ পিছতে বিপিএফৰ মুৰব্বী মহিলাৰীয়ে ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নিজকে এতিয়াও আনঅফিচিয়েলি নিজকে চীফ বুলি ঘোষণা কৰিছিল আৰু ৰাজ্যপাল শাসনৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ্য হোৱাৰ হুংকাৰ প্ৰদান কৰিছিল । ইতিমধ্যে বিটিচিত ৰাজ্যপাল শাসনৰ বিৰুদ্ধে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত এক ৰাজহুৱা স্বাৰ্থজনিত আৱেদন দাখিল কৰা হৈছে আৰু অহা সোমবাৰে শুনানি অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com